November 29, 2024 8:20 PM | Pathsala | Ranjit Kr Das

printer

পাঠশালাত কামেশ্বৰ দাসৰ জীৱনী গ্ৰন্থ উন্মোচন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বজালী জিলাৰ পাঠশালাত কামেশ্বৰ দাসৰ এখন জীৱনী গ্ৰন্থ উন্মোচন কৰে। স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীদাসে কামেশ্বৰ দাসক অসম ৰত্ন বুলি অভিহিত কৰে।


জীৱনী গ্ৰন্থ উন্মোচনী সভাত মন্ত্ৰীগৰাকীৰ লগতে প্রাক্তন বিধায়ক ড° মনোৰঞ্জন দাস, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য্য ড° ধনপতি ডেকা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কামেশ্বৰ দাসক শ্রদ্ধা জনাই পাঠশালা সাহিত্য সভা ভৱনটোৰ নাম কামেশ্বৰ দাস প্ৰেক্ষাগৃহ নামকৰণ কৰা হ’ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে।