মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা উত্তৰ প্ৰদেশৰ কানপুৰৰ শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত শুভম দ্বিবেদীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ৫ লাখ টকাৰ চেক দ্বিবেদীৰ পৰিয়ালবৰ্গক অৰ্পণ কৰে।
Assamese | May 24, 2025 5:46 PM | Akashvani News | pahalgam | Ranjit Kr Das
পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা কানপুৰৰ শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস