পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কাৰ্লায়ত অনুষ্ঠিত এখন বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ১৫ জানুৱাৰীৰ ভিতৰত আঁচনিসমূহৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে যাৱতীয় পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে। পর্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীদাসে সফলতাৰ হাৰ পূৰ্বতকৈ সন্তোষজনক বুলি মন্তব্য কৰে। তেওঁ লগতে পূৰ্বৰ কামসমূহ ডিচেম্বৰৰ ভিতৰত শেষ হ’ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত ৰাজ্যৰ বাবে পূৰ্বতে আবণ্টিত ২০ লাখ বাসগৃহৰ ভিতৰত প্ৰায় ১৯ লাখ ৬০ হাজাৰ গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যখনলৈ নতুনকৈ প্ৰদান কৰা ১ লাখ ৭১ হাজাৰ বাসগৃহ নিৰ্মাণ কাৰ্যৰ ক্ষীপ্ৰ ৰূপায়ণত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। বিশ্বনাথ জিলাই নতুনকৈ ৯,৭০০ বাসগৃহৰ আৱণ্টন লাভ কৰা বুলিও বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | December 5, 2024 8:58 PM | Assam Minister | Biswanath District | Ranjit Kr Das
বিশ্বনাথ জিলা আয়ুক্ত কাৰ্লায়ত জিলাখনত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক