November 9, 2025 8:28 PM

views 58

বিশ্বনাথ চাৰিআলিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে পদযাত্রা

বিশ্বনাথ চাৰিআলিত কাইলৈ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে পদযাত্রা সমাপ্ত কৰা হব। এই পদযাত্ৰাত স্বচ্ছ ভাৰত ড্ৰাগছ বিৰোধী অভিযান, নাৰী সৱলীকৰণ, ৰক্তদান শিবিৰ, বৃক্ষৰোপণ আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সম্পর্কে বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ত সাংসদ ৰণজিৎ দত্ত আৰু জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে সংবাদমেল সম্বোধন কৰে।

August 16, 2025 7:29 PM

views 62

বিশ্বনাথ জিলা প্রশাসনৰ কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ

বিশ্বনাথ জিলা প্রশাসনে কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ চলাব। উচ্ছেদ অভিযানৰ বাবে আৰক্ষী প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ কৈছিল। অঞ্চলটোৰ পৰা অধিকাংশ লোক আঁতৰি গৈছে। জিলাখনত অবৈধ দখলকাৰীৰ কবলত ৫৬ হাজাৰ বিঘা চৰকাৰী ভূমি আছে। ইয়াৰে ভিতৰত বিশ্বনাথ ৰাজহ চক্ৰতে প্ৰা...

August 7, 2025 7:32 PM

views 59

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহী অথবা ৪ চকীয়া বাহনত ছিল্টবেল্ট ব্যৱহাৰ নকৰা চালকক জৰিমনা বিহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ জিলা পৰিবহণ বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ই-চালান কাটি প্রায় ৭ কোটি ৯৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। সকলো চালককে যান-বাহন আইন মানি চলিবলৈ জিলা পৰিবহণ বিষয়া শৈলেন দাসে আহ্বান জনাইছে।

June 1, 2025 7:26 PM

views 67

বিশ্বনাথ জিলাত কিতাপ পঢ়িবলৈ যাও ব’লা শীর্ষক কার্যসূচীৰ সামৰণি

বিশ্বনাথ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ছদিনীয়াকৈ অনুষ্ঠিত কিতাপ পঢ়িবলৈ যাও ব'লা শীর্ষক কার্যসূচী আজি সামৰণি পৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জ্ঞান সাৰথি গ্ৰন্থ যাত্ৰা, গ্ৰন্থ মেলা, জিলা পৰ্যায়ৰ চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ উপৰি মোৰ জীৱনক প্ৰভাৱিত কৰা এখন গ্ৰন্থ শীৰ্ষক ৰচনা প্রতিযোগিতা অনুষ্ঠিত হয়। এই উপলক্ষে ন-পুৰণি প্ৰশিক্ষাৰ্থীৰ অন্তৰংগ আলাপ আৰু এখন প্ৰদৰ্শনী মুকলি কৰা হয়।

May 1, 2025 7:47 PM

views 61

পঞ্চায়ত নির্বাচন শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ ব্যাপক ব্যৱস্থা

চৰাইদেউ জিলাত নিৰ্বাচনী প্রক্রিয়া শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম-অৰুণাচল আৰু অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। বিশ্বনাথ জিলাৰ ৭৪৭টা ভোটকেন্দ্ৰত ৪ লাখ ৭৪ হাজাৰ ৯২৭ গৰাকী ভোটদাতাই ১৩১২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। জিলাখনত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৩৬ গৰাকী মাণ্ডলিক, ৭৪ গৰাকী ছেক্টৰ, ৮৯৬ গৰাকী প্রিজাইডিং আৰু ২,৬৮৮ গৰাকী প’লিং বিষয়া নিয়োগ কৰা হৈছে। শ্রীভূমি জিলাত পঞ্চায়ত...

March 6, 2025 7:55 PM

views 66

বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত কৃষক মেলাৰ আয়োজন

বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষকসকলে নিজৰ পথাৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আজি জিলা আয়ুক্ত মুনিন্দ্র নাথ ঙাটে মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা বিপণী উদ্বোধন কৰে। এই মেলাতে কৃষি বিষয়ক প্ৰশিক্ষণৰ আয়োজন কৰাৰ উপৰি বিভাগীয় বিষয়া আৰু কৃষি বিজ্ঞানীসকলৰ এটি অন্তৰংগ মত-বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। মেলাত সাতট...

December 5, 2024 8:58 PM

views 68

বিশ্বনাথ জিলা আয়ুক্ত কাৰ্লায়ত জিলাখনত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কাৰ্লায়ত অনুষ্ঠিত এখন বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ১৫ জানুৱাৰীৰ ভিতৰত আঁচনিসমূহৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে যাৱতীয় পদক্ষেপ ল'বলৈ নির্দেশ দিয়ে। পর্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীদাসে সফলতাৰ হাৰ পূৰ্বতকৈ সন্তোষজনক বুলি ম...