বিশ্বনাথ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ছদিনীয়াকৈ অনুষ্ঠিত কিতাপ পঢ়িবলৈ যাও ব’লা শীর্ষক কার্যসূচী আজি সামৰণি পৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জ্ঞান সাৰথি গ্ৰন্থ যাত্ৰা, গ্ৰন্থ মেলা, জিলা পৰ্যায়ৰ চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ উপৰি মোৰ জীৱনক প্ৰভাৱিত কৰা এখন গ্ৰন্থ শীৰ্ষক ৰচনা প্রতিযোগিতা অনুষ্ঠিত হয়। এই উপলক্ষে ন-পুৰণি প্ৰশিক্ষাৰ্থীৰ অন্তৰংগ আলাপ আৰু এখন প্ৰদৰ্শনী মুকলি কৰা হয়।
Assamese | June 1, 2025 7:26 PM | Biswanath District
বিশ্বনাথ জিলাত কিতাপ পঢ়িবলৈ যাও ব’লা শীর্ষক কার্যসূচীৰ সামৰণি