March 6, 2025 7:55 PM | Biswanath District

printer

বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত কৃষক মেলাৰ আয়োজন

বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষকসকলে নিজৰ পথাৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আজি জিলা আয়ুক্ত মুনিন্দ্র নাথ ঙাটে মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা বিপণী উদ্বোধন কৰে। এই মেলাতে কৃষি বিষয়ক প্ৰশিক্ষণৰ আয়োজন কৰাৰ উপৰি বিভাগীয় বিষয়া আৰু কৃষি বিজ্ঞানীসকলৰ এটি অন্তৰংগ মত-বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। মেলাত সাতটাকৈ মহিলা গোটক ১০ হাজাৰ টকাৰ এককালীন চেক প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা কৃষি বিষয়া, জিলা গাণনিক বিষয়াৰ উপৰি কেইবাগৰাকী জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত
থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।