ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, খ্রীষ্টান, জৈন আৰু পাৰ্চি লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বৰপেটাত মতামত ব্যক্ত কৰে। তেওঁ কয়, যে বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গৰাকী ডি-ভোটাৰ আছে।
ইয়াৰে একাংশ লোকৰ নামৰ বিপৰীতে ভোটাৰ তালিকাত সন্দেহযুক্ত বুলি উল্লেখ আছে যদিও তেওঁলোকৰ বিৰুদ্ধে ন্যায়াধীকৰণত কোনো গোচৰ নাই বুলি তেওঁ মন্তব্য কৰে । ৰাজ্য চৰকাৰে তেনে নামবোৰৰ বিপৰীতে থকা ডি চিহ্নটো আঁতৰাবলৈ জিলা আয়ুক্তসকলক আহ্বান জনাইছে বুলি তেওঁ কয়। সন্দেহযুক্ত হোৱা বাবে তেওঁলোকে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে বুলিও তেওঁ কয়। তেনে লোকক মৌলিক অধিকাৰসমূহৰ পৰা বঞ্চিত নকৰিবলৈ চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰি সংবাদিকৰ আগত তেওঁ এইকথা প্ৰকাশ কৰে।
Assamese | August 7, 2025 7:06 PM | Akashvani News | Barpeta District | Ranjit Kr Das
বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গৰাকী ডি-ভোটাৰ আছেঃ ৰণজিৎ কুমাৰ দাস