August 7, 2025 7:06 PM

views 50

বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গৰাকী ডি-ভোটাৰ আছেঃ ৰণজিৎ কুমাৰ দাস

ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, খ্রীষ্টান, জৈন আৰু পাৰ্চি লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বৰপেটাত মতামত ব্যক্ত কৰে। তেওঁ কয়, যে বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গৰাকী ডি-ভোটাৰ আছে। ইয়াৰে একাংশ লোকৰ নামৰ বিপৰীতে ভোটাৰ তালিকাত সন্দেহযুক্ত বুলি উল্লেখ আছে যদিও তেওঁলোকৰ বিৰুদ্ধে ন্যায়াধীকৰণত কোনো গোচৰ নাই বুলি তেওঁ মন্তব্য কৰে । ৰাজ্য চৰকাৰে তেনে নামবোৰৰ বিপৰীতে...

July 20, 2025 8:47 PM

views 67

বৰপেটা জিলাত গ্ৰীষ্মকালীন ক্রিকেট প্রশিক্ষণ শিবিৰৰ সামৰণি

বৰপেটা জিলা ক্রীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৩ বছৰ অনুৰ্দ্ধৰ ল'ৰা আৰু ছোৱালী গ্ৰীষ্মকালীন ক্রিকেট প্রশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। এই উপলক্ষে বৰপেটা জিলা ক্রীড়া সন্থাৰ কাৰ্যালয়ত আয়োজিত সামৰণি অনুষ্ঠানত প্রাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে সভাপতিত্ব কৰে। কেইবাগৰাকীও অভিজ্ঞ প্রশিক্ষকে প্রশিক্ষণ প্রদান কৰা ১৫ দিনীয়া এই শিবিৰত ২০০গৰাকী ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ মাজৰ পৰাই ৩০গৰাকীক পৰৱৰ্তী প্ৰশিক্ষণৰ বাবে বাছনি কৰা হয়।

April 23, 2025 6:23 PM

views 63

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে বৰপেটাত জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ বেলট পেপাৰ ছপাশাল পৰিদৰ্শন

বৰপেটা জিলাত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলে বেলট পেপাৰ ছপাশাল পৰিদৰ্শন কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ নেতৃত্বত দলটোৱে দায়িত্বপ্রাপ্ত ছপাশালে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি বেলট পেপাৰ ছপোৱাৰ কাম হৈছে নে নাই পৰিদৰ্শন কৰে। লগতে ছপাশালে প্রয়োজনীয় গোপনীয়তা ৰক্ষা কৰিছে নে নাই সেয়াও বুজ লয়। জিলাখনত ইতিমধ্যে বেলট বাকচ বিতৰণৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হৈছে।

March 14, 2025 11:12 AM

views 41

বৰপেটাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

বৰপেটা জিলাৰ বৈষ্ণৱ ঐতিহ্যৰ সংৰক্ষণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে আজি এই উপলক্ষে বৰপেটাৰ শ্ৰীশ্ৰীপাটবাউসী সত্ৰত আয়োজিত এটা কাৰ্যসূচীত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে পাটবাউসী সত্ৰৰ শ্ৰীশ্ৰীশংকৰদেৱ থানত নিৰ্মাণ কৰা সংগ্ৰহালয়টো মুকলি কৰিব। তেওঁ লগতে সত্ৰখনৰ দেৱ দামোদৰ গুৰুৰ আদিধাম, চূণপোৰা ভিঠি থান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বৰপেটাত পৰ্যটন আৰু তীৰ্থ ভ্ৰমণৰ সুবিধাৰ বিকাশৰ উপৰি সবল আন্তঃগ...

January 5, 2025 7:11 PM

views 82

বৰপেটাত অনন্তৰাম দাসৰ স্মৃতিত বঁটা প্ৰদান

দিব্যাংগ হৈও শাৰীৰিক প্ৰতিবন্ধকতাত নেওচি সাহিত্য সাধনাৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়াই যোৱা অনন্তৰাম দাসৰ ৯৭ সংখ্যক জন্মদিন উপলক্ষে আজি বৰপেটাত তেওঁৰ স্মৃতিত আগবঢ়োৱা বঁটাসমূহ প্ৰদান কৰা হয়। বৰপেটা সাহিত্য সভাৰ অম্বিকাগিৰি বাণীকান্ত ভৱনত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত অভিনেতা পৰিচালক প্রমোদ দাসক এই বঁটা প্ৰদান কৰা হয়। এই সভাতে অনন্তৰাম দাস স্মৃতি প্ৰকাশনৰ পৃষ্ঠপোষক জ্ঞানদা বালা স্মৃতিত লোকশিল্পী কণিকা দাসক বঁটা প্ৰদান কৰা হয়। একেদৰে অভিনেত্ৰী দেৱযানী...

October 1, 2024 12:41 PM

views 51

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত কৰা হৈছে। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ লগতে পূৰ্বৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ কুমাৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তিৰ পাছত কালি ১৫ টা সমষ্টিৰে গঠিত পৰিচালনা সমিতিৰ সদস্য আৰু বুঢ়া সত্ৰীয়া পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৩৫ চনৰ পৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, ডেকা সত্ৰীয়া আৰু সত্ৰ পৰিচা...

September 17, 2024 6:21 PM

views 49

পঞ্চায়ত নিৰ্বাচনৰ বাবে  বৰপেটা জিলাৰ পুনৰ নিৰ্ধাৰিত পাঁচটা সমষ্টিৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি বৰপেটা জিলাৰ পুনৰ নিৰ্ধাৰিত পাঁচটা সমষ্টিৰ খচৰা প্ৰকাশ কৰা হয়। বৰপেটা জিলা পৰিষদৰ কাৰ্যালয়ত মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ পাঠকে আজি জিলাখনৰ পঞ্চায়তৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰে। এই অনুসৰি জিলাখনৰ বৰপেটা, মন্দিয়া, চেঙা, সৰভোগ, ভৱানীপুৰ আৰু পাকা বেতবাৰী বিধানসভা সমষ্টি সামৰি নতুন সীমা নিৰ্ধাৰণ কৰা হৈছে যদিও আঞ্চলিক পঞ্চায়তৰ সংখ্যা পূৰ্বৰ দৰে ৯ খনতে সীমাবদ্ধ আছে। একেদৰে জিলা পৰিষদ ১৯ খন আৰু গাঁও পৰিষদৰ ১০২ খন। মুখ্য কাৰ্যবাহী...