বৰপেটা জিলা ক্রীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৩ বছৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালী গ্ৰীষ্মকালীন ক্রিকেট প্রশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। এই উপলক্ষে বৰপেটা জিলা ক্রীড়া সন্থাৰ কাৰ্যালয়ত আয়োজিত সামৰণি অনুষ্ঠানত প্রাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে সভাপতিত্ব কৰে। কেইবাগৰাকীও অভিজ্ঞ প্রশিক্ষকে প্রশিক্ষণ প্রদান কৰা ১৫ দিনীয়া এই শিবিৰত ২০০গৰাকী ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ মাজৰ পৰাই ৩০গৰাকীক পৰৱৰ্তী প্ৰশিক্ষণৰ বাবে বাছনি কৰা হয়।
Assamese | July 20, 2025 8:47 PM | Barpeta District
বৰপেটা জিলাত গ্ৰীষ্মকালীন ক্রিকেট প্রশিক্ষণ শিবিৰৰ সামৰণি