বৰপেটা জিলাত অহা ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলে বেলট পেপাৰ ছপাশাল পৰিদৰ্শন কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ নেতৃত্বত দলটোৱে দায়িত্বপ্রাপ্ত ছপাশালে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি বেলট পেপাৰ ছপোৱাৰ কাম হৈছে নে নাই পৰিদৰ্শন কৰে। লগতে ছপাশালে প্রয়োজনীয় গোপনীয়তা ৰক্ষা কৰিছে নে নাই সেয়াও বুজ লয়। জিলাখনত ইতিমধ্যে বেলট বাকচ বিতৰণৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হৈছে।
Assamese | April 23, 2025 6:23 PM | Akashvani Guwahati | Akashvani News | Barpeta District
পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে বৰপেটাত জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ বেলট পেপাৰ ছপাশাল পৰিদৰ্শন