February 14, 2025 8:50 PM

views 70

ৰাষ্ট্ৰপতি মুৰ্মুৰ কৰ্ণাটক ভ্ৰমণঃ দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কৰ্ণাটক ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুত দা আর্ট অব লিভিঙে আয়োজন কৰা দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাষণ প্রসঙ্গত শ্ৰীমতী মুর্মুৱে কয় যে প্ৰযুক্তিৰ দিশত বৰ্তমান সময় আগুৱাই গৈছে, ইয়াৰ মাজতে আমি আমাৰ মানৱীয় প্ৰমূল্যসমূহ জীয়াই ৰাখিব লাগিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ঝাৰখণ্ডৰ ৰাঁছীত বি আই টি মেস্ৰাৰ হীৰক জয়ন্তীৰ কাৰ্যসূচীত সম্বোধন কৰিব।

February 11, 2025 3:34 PM

views 65

ৰাষ্ট্ৰপতি মুৰ্মুৱে ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ উপস্থিত থাকিব। প্ৰতিবছৰে ১১ ফেব্ৰুৱাৰীত প্রখ্যাত ইউনানি চিকিৎসক শিক্ষাবিদ আৰু মুক্তিযুজাৰু হাকিম আজমল খানৰ জয়ন্তী উপলক্ষে ইউনানি দিৱস পালন কৰা হয়। আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ইউনানি ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদে দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনে আলোচনা, সহযোগিতা আৰু জ্ঞান বিনিময়ৰ বাবে এখন মঞ্চ হিচাপে কাম কৰ...

February 10, 2025 8:30 PM

views 55

ৰাষ্ট্ৰপতি মুর্মুৱে কাইলৈ দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ নতুন দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ উপস্থিত থাকিব। প্ৰতিবছৰে ১১ ফেব্ৰুৱাৰীত প্রখ্যাত ইউনানি চিকিৎসক শিক্ষাবিদ আৰু মুক্তিযুজাৰু হাকিম আজমল খানৰ জয়ন্তী উপলক্ষে ইউনানি দিৱস পালন কৰা হয়। আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ইউনানি ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদে দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে।

February 10, 2025 5:01 PM

views 77

মহাকুম্ভ মেলাত ৰাষ্ট্ৰপতি মুৰ্মুৰ পূজা-অৰ্চনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত হৈ গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰি পূজা-অৰ্চনা আগবঢ়ায়। ৰাষ্ট্ৰপতিগৰাকী নাৱেৰে ত্রিবেণী সংগমত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৱে প্ৰয়াগৰাজৰ অক্ষয়া আৰু বড়ে হনুমান মন্দিৰতো পূজা-অৰ্চনা আগবঢ়ায়। তেওঁ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ সকলো দিশৰ বুজ ল'ব। এই সময়ছোৱাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৰাষ্ট্ৰপতিক সংগ দিয়ে। ইপিনে, মহাকুম্ভ মেলাত দর্শনাৰ্থী...

January 26, 2025 11:03 AM

views 64

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিবঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

সংসদত উত্থাপিত এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিব। এনেধৰণৰ ব্যাপক সংস্কাৰৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দেশত ১৯৪৭ চনৰে পৰা ভাৰতীয়...

January 14, 2025 8:40 PM

views 57

ফলপ্রসূ শাসন ব্যৱস্থাত নীতিগত সিদ্ধান্তৰ বাবে পৰিমাণ সংখ্যাগত সঁজুলি আৰু পৰিমাণগত কৌশলৰ ভূমিকা থকাৰ কথা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উল্লেখ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ফলপ্রসূ শাসন ব্যৱস্থাত নীতিগত সিদ্ধান্তৰ বাবে পৰিমাণ সংখ্যাগত সঁজুলি আৰু পৰিমাণগত কৌশলে এক উল্লেখযোগ্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত আই এছ এছৰ প্ৰশিক্ষণৰত এটা দলক সম্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰে স্বাস্থ্য, শিক্ষা, জনসংখ্যাৰ আকাৰ আৰু নিয়োগ আদি তথ্য সংগ্ৰহৰ বাবে ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। লগতে তেওঁ পৰিসংখ্যা কেৱল দক্ষ শাসন ব্যৱস্থাৰ মেৰুদণ্ডই নহয়, আৰ্থসামাজিক উন্নয়নৰ আহিলা বুলিও মন...

January 13, 2025 4:55 PM

views 62

ৰাষ্ট্রপতিৰ দেশবাসীলৈ মকৰ সংক্ৰান্তিৰ শুভেচ্ছা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্রী অমিত শ্বাহে মাঘবিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্রতীক। এই উৎসৱ দেশৰ জনসাধাৰণক অক্লান্তভাৱে খাদ্য শস্যৰ যোগান ধৰা কৃষকসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপনৰ সুযোগ বুলি ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্রকাশ...

December 11, 2024 10:26 AM

views 62

ৰাষ্ট্ৰপতি মুৰ্মুৱে দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰিব। তৃণমূল পৰ্যায়ত প্ৰশাসন আৰু উন্নয়নত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এইবাৰ বিভিন্ন শিতানত মুঠ ৪৫ খন পঞ্চায়তক বাছনি কৰা হৈছে। মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই গাঁও পঞ্চায়তলৈ আজি ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে শিশুৰ বাবে অনুকুল পঞ্চায়ত শীৰ্ষক বিষয়ত পঞ্চায়তখনে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আজি এই বঁটা প্ৰদান অনুষ্ঠানত বিভাগীয় কেন্দ্ৰী...

December 3, 2024 4:43 PM

views 49

ওড়িশাত ৫ দিনীয়া ভ্ৰমণ সূচীৰে সন্ধিয়া ভূবনেশ্বৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মুর্মু

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ওড়িশাত ৫ দিনীয়া ভ্ৰমণ সূচীৰে আজি সন্ধিয়া ভূবনেশ্বৰত উপস্থিত হ'ব। অন্যান্য কাৰ্যসূচীৰ লগতে তেওঁ কাইলৈ পুৰীৰ ব্লু ফ্লেগ বীচ্ছত ভাৰতৰ নৌ সেনা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভূবনেশ্বৰত উপস্থিত হোৱাৰ পাছতে শ্ৰীমতী মুর্মুৱে পণ্ডিত ৰঘুনাথ মুর্মুৰ নতুন প্ৰতিমূৰ্তিটো উন্মোচন কৰিব আৰু আদিম অৱাৰ জাৰপা জাহেৰ ভ্ৰমণ কৰিব। কাইলৈ পুৱা তেওঁ পুৰীত থকা দ্বাদশ শতিকাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিব। তদুপৰি পুৰীত তেওঁ গোপবন্ধু আয়ুৰ্বেদ মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনতো অংশগ...

November 12, 2024 8:04 AM

views 60

নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৱে নৈশ ভোজৰ আয়োজন কৰে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীত দেশৰ নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে নৈশ ভোজৰ আয়োজন কৰে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ, দেশৰ সদ্যবিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, দেশৰ উচ্চতম ন্যায়ালয়ৰ ভালেকেইগৰাকী ন্যায়াধীশ আৰু ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।