ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত হৈ গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰি পূজা-অৰ্চনা আগবঢ়ায়। ৰাষ্ট্ৰপতিগৰাকী নাৱেৰে ত্রিবেণী সংগমত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৱে প্ৰয়াগৰাজৰ অক্ষয়া আৰু বড়ে হনুমান মন্দিৰতো পূজা-অৰ্চনা আগবঢ়ায়। তেওঁ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ সকলো দিশৰ বুজ ল’ব। এই সময়ছোৱাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৰাষ্ট্ৰপতিক সংগ দিয়ে। ইপিনে, মহাকুম্ভ মেলাত দর্শনাৰ্থীৰ আগমণ অব্যাহত আছে। এতিয়ালৈ ৪৩ কোটিতকৈ অধিক ভক্তই এই অধ্যাত্মিক অনুষ্ঠানত ভাগ লৈছে। মকৰ সংক্ৰান্তি, মৌনী অম্যাৱস্যা আৰু বসন্ত পঞ্চমী তিনিটাকৈ পৱিত্ৰ স্নানৰ পাছতো দৰ্শনাৰ্থীসকলৰ সমাগম হ্ৰাস পোৱা নাই। ১৩ জানুৱাৰীত আৰম্ভ হোৱা মহাকুম্ভ মেলা অহা ২৬ ফেব্ৰুৱাৰীলৈ চলিব।
Assamese | February 10, 2025 5:01 PM | Droupadi Murmu | Mahakumbh 2025 | President of india
মহাকুম্ভ মেলাত ৰাষ্ট্ৰপতি মুৰ্মুৰ পূজা-অৰ্চনা