April 11, 2025 8:03 PM

views 57

আজি বিয়লি ৩ বজাত ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সামৰণি পৰে

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি আবেলি ৩ বজাত সামৰণি পৰে। আজি অন্তিম দিনা ভালেসংখ্যক প্রার্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাত বিজেপিৰ প্ৰাৰ্থীসকলে জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদ, ২৭ টা পঞ্চায়ত আৰু ২৭০ টা ৱাৰ্ডত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ৰাইজৰ দল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্র দাখিল কৰে। অৱশ্যে জিলাখনৰ কিমানগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে সেই বিষয়ে এতিয়ালৈকে নি...

April 2, 2025 6:48 PM

views 60

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ অব্যাহত

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ চলি আছে। কামৰূপ জিলাৰ অন্তৰ্গত ১৪ টা পৰিষদীয় সমষ্টিত দিনৰ এক বজালৈকে প্ৰায় ৪৯ শতাংশ ভোটগ্রহণ হোৱা বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই জনাইছে। গোৱৰ্ধন সমষ্টিত সর্বাধিক ৫৬.১৫ শতাংশ আৰু জাৰিহাট সমষ্টিত সর্বনিম্ন ৪১.৯২ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। গোৱালপাৰা জিলাত দিনৰ ১বজালৈকে ৫৩.৮৮ শতাংশ ভোটগ্রহণ হৈছে। জিলাখনৰ দ'দানত সৰ্বাধিক ৬৬.৯৭ আৰু কুশধোৱা দৰংগিৰিত সৰ্বনিম্ন ৪৬.৪ শতাংশ ভোটদান হৈছে। ভোটগ্রহণ এতিয়ালৈকে সূচাৰুৰূপে চলি থকা বুলি আমাৰ ...

March 30, 2025 7:15 PM

views 72

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্রাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। ইয়াৰ লগতে কংগ্ৰেছ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাত প্ৰচাৰ চলায়। মন্ত্...

February 7, 2025 6:17 PM

views 65

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

কাইলৈ হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পুৱা ৮ বজাত ভোট গণনা আৰম্ভ হ'ব। প্ৰথমে প'ষ্টেল বেলটসমূহ গণনা কৰা হ'ব। দিল্লীৰ মুখ্য নির্বাচনী বিষয়া আৰ এলিছ ৱাজে প্ৰকাশ কৰা অনুসৰি ভোটগণনাৰ বাবে দিল্লীৰ ১১ খন জিলাত ১৯টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ বাবে প্ৰায় ৫ হাজাৰ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। নির্বাচন আয়োগে www.eci.gov.in ৱেব ছাইটৰ জৰিয়তে সঠিক আৰু সবিশেষভাৱে ভোটগণনাৰ ফলাফল প্রকাশ কৰাৰ বাবে অতি সুৰক্ষিত আৰু প্ৰমাণিত ব্যৱস্থা গ্ৰহণ কৰিছে...

January 31, 2025 3:42 PM

views 57

দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ ৪ দিন বাকী

৭০ জনীয়া দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ ৪ দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দ্বাৰকা অঞ্চলত এখন প্ৰচাৰ সভাত ভাগ ল'ব। ...

January 24, 2025 5:38 PM

views 68

৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচন

অহা ৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে সকলো মুখ্য ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰসকলক আকৰ্ষিত কৰাৰ চেষ্টা পূর্ণোদ্যমে চলাই আছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰেলী আৰু ৰোড শ্বত ভাগ লোৱাৰ লগতে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে আজি সন্ধিয়া নতুন দিল্লীত এটা ৰেলীত অংশগ্ৰহণ কৰিব। জ্যেষ্ঠ বিজেপি নেতা তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে মংগলপুৰী, নতুন দিল্লী আৰু দ্বাৰকা সমষ্টিত কেইবাখনো জন...

December 19, 2024 5:07 PM

views 66

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব৷ এই প্ৰস্তাৱিত সমিতিত ২১ জন লোকসভাৰ সদস্য আৰু ১০ জন ৰাজ্যসভাৰ সদস্য থাকিব৷ এই সাংসদসকলৰ ভিতৰত বিজেপি নেতা পি পি চৌধুৰী, অনুৰাগ সিং ঠাকুৰ, পৰশোত্তমভাই ৰূপালা, কংগ্ৰেছ নেতা প্ৰিয়ংকা গান্ধী আৰু মনীষ তিৱাৰী, টি এম চিৰ কল্যাণ বেনাৰ্জী আৰু এন চি পি (এছ পি)ৰ সুপ্রিয়া ছুলেও আছে। এই বিধেয়কদুখনৰ নাম আনুষ্ঠানিকভাৱে সংবিধানৰ এশ উনত্ৰিছ সংখ্যক সংশোধনী বিধেয়ক, ২০২৪ হিচাপে ৰখা হৈছে৷

December 5, 2024 8:21 PM

views 76

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ সিন্দে আৰু ৰাষ্ট্রবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে বিজেপি-শিৱসেনা-এন চি পি মিত্রজোঁটে মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনত ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসন লাভ কৰিছে।মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শ্রীফাড়নাবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰ...

November 28, 2024 6:56 PM

views 58

বিলাসীপাৰাত ‘আপ’ৰ জনসভাত মনোজ ধানোৱাৰঃ আদানিৰ স্বাৰ্থ ৰক্ষাৰ বাবে স্মাৰ্ট মিটাৰ সংস্থাপনৰ অভিযোগ

আজি আম আদমী পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ গোপীগাওঁ তৃতীয় খণ্ড বেলতলীত আয়োজিত জনসভাত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ উপস্থিত থাকে৷ অনুষ্ঠানত মনোজ ধানোৱাৰে কয় ‘অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই গুজৰাটী ব্যৱসায়ী গৌতম আদানিৰ প্ৰতিষ্ঠানৰ লাভৰ স্বাৰ্থত স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ ওপৰত মাধমাৰ সোধাইছে। যি সময়ত দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি প্ৰৱৰ্তন কৰ...

November 20, 2024 9:04 PM

views 79

ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্রহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান হয়। অৱশ্যে ভোট দানৰ প্ৰকৃত হাৰ ভোট গ্রহণ কেন্দ্ৰসমূহৰ পৰা অহা তথ্যৰ ভিত্তিত নিশাৰ ভাগলৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব। আজি মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰ...