কাইলৈ হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পুৱা ৮ বজাত ভোট গণনা আৰম্ভ হ’ব। প্ৰথমে প’ষ্টেল বেলটসমূহ গণনা কৰা হ’ব। দিল্লীৰ মুখ্য নির্বাচনী বিষয়া আৰ এলিছ ৱাজে প্ৰকাশ কৰা অনুসৰি ভোটগণনাৰ বাবে দিল্লীৰ ১১ খন জিলাত ১৯টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ বাবে প্ৰায় ৫ হাজাৰ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। নির্বাচন আয়োগে www.eci.gov.in ৱেব ছাইটৰ জৰিয়তে সঠিক আৰু সবিশেষভাৱে ভোটগণনাৰ ফলাফল প্রকাশ কৰাৰ বাবে অতি সুৰক্ষিত আৰু প্ৰমাণিত ব্যৱস্থা গ্ৰহণ কৰিছে।
Assamese | February 7, 2025 6:17 PM | Delhi Election update | Election | Political News
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ