October 9, 2024 8:22 PM

views 24

মহাৰাষ্ট্ৰত ৭,৬০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত ৭,৬০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয় যে, মহাৰাষ্ট্ৰত বিগত কেইটামান বছৰত গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু সম্পূৰ্ণ কৰা হৈছে। তেঁও কয় যে, মহাৰাষ্ট্ৰৰ পূৰ্বতে কেতিয়াও ইমান ক্ষীপ্ৰ উন্নয়ন হোৱা নাছিল। কেন্দ্ৰীয় চৰকাৰে মাৰাঠী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰি মাৰাঠী জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে বুলি প্ৰধ...

October 9, 2024 5:59 PM

views 31

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭,৬০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত তেওঁ নাগপুৰৰ ড০ বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নীতকৰণ প্ৰকল্পৰ লগতে শ্বিদী বিমানবন্দৰৰ নতুন সংহত টার্মিনেল ভৱনৰো আধাৰশিলা স্থাপন কেৰে। তদুপৰি প্রধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত নতুনকৈ নিৰ্মাণ কৰা দহখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়াৰো আনুষ্ঠানিক আৰম্ভণি কৰে। আনহাতে ভাৰতব...

October 9, 2024 5:46 PM

views 69

হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছে। তেওঁ কয় যে, উন্নয়নৰ বিষয়টোক লৈ হাৰিয়ানাৰ জনসাধাৰণে বিজেপিক জয়লাভৰ ক্ষেত্ৰত হেটট্ৰিক অৰ্জন কৰাৰ সুবিধা প্ৰদান কৰিছে। হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত দলটোৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত দলীয়া কৰ্মীসকলৰ এখন সভাত শ্ৰী মোদীয়ে হাৰিয়ানাৰ লগতে জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে, বিজেপি কেৱল বিশ্বৰ সর্ববৃহৎ দলেই নহয়, ই সর...

October 7, 2024 2:28 PM

views 49

নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি প্রধানমন্ত্ৰী মোদীয়ে পূজা-অৰ্চনা আগবঢ়ায়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি পূজা-অৰ্চনা আগবঢ়ায়। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰী মোদীয়ে মা সুখদায়িনী-মোক্ষদায়িনীয়ে যেন সকলোকে আশীর্বাদ প্ৰদান কৰে, তাৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে এটি গবা গীতো সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে।

October 7, 2024 2:24 PM

views 31

ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অভিনন্দন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী শ্বাহে কয় যে, শ্ৰী মোদীৰ এই দীঘলীয়া যাত্ৰা ৰাজহুৱা জীৱনত থকা সকলোৰে বাবে জীৱন্ত প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ এই দীঘলীয়া যাত্ৰা একাগ্ৰতা আৰু উৎসৰ্গাৰ প্রতীক। শ্রীমোদীয়ে তেওঁৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ স্বাৰ্থ তথা জনসাধাৰণৰ কল্যাণৰ হকে উৎসৰ্গা কৰিছে ...

October 7, 2024 2:22 PM

views 49

প্রধানমন্ত্ৰী মোদীৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০০১ চনৰ আজিৰ দিনটোতেই শ্রী মোদীয়ে প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ উদ্যমসমূহৰ পৰা অনুপ্ৰাণিত হৈ কেন্দ্ৰত এন ডি এ চৰকাৰে ভালেমান কল্যাণমূলক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। প্ৰায়েই গুজৰাট মডেল হিচাপে নামকৰণ কৰা এই পদক্ষেপসমূহ জল সংৰক্ষণ, গছপুলি ৰোপণ অভিযান, সংবিধান উদযাপন, থলুৱা উৎপাদিত সামগ্ৰীসমূহৰ বিকাশ তথা ক্রীড়া সংস্কৃতি উৎসাহিত কৰা আদি বি...

October 5, 2024 11:39 AM

views 49

এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ যাব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ২৩,৩০০ কোটি ব্যয় সাপেক্ষ কৃষি তথা পশুপালন ক্ষেত্ৰৰ বিভিন্ন কাৰ্যসূচী মুকলি কৰিব। তেওঁ বানঝাৰা সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত বানঝাৰা বিৰাছত সংগ্ৰহালটো মুকলি কৰিব। ইয়াৰ পাছতেই প্রধানমন্ত্ৰীয়ে থানেত ৩২,৮০০ কোটি ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। মহাৰাষ্ট্ৰৰ ৱাছিম জিলাত শ্রীমোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ১৮ সংখ্যক কিস্তিৰ ধন মুকলি কৰি দিব। এই আঁচনিৰ জৰিয...

October 4, 2024 10:47 AM

views 33

আজিৰে পৰা ৬ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া কৌটিল্য অর্থনৈতিক বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ৬ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া কৌটিল্য অর্থনৈতিক বৈঠকত অংশগ্ৰহণ কৰিব। এইবাৰৰ সন্মিলনে সেউজ পৰিৱৰ্তনৰ বিনিয়োগ, ভূ-অর্থনৈতিক বিভাজন, বিকাশ তথা স্থিতিস্থাপকতা আৰু সংৰক্ষণৰ বাবে নীতিগত পদক্ষেপ আদিৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ সমিতি তথা নীতি নিৰ্ধাৰণকাৰী উভয়ে ভাৰতীয় অর্থনীতি আৰু গোলকীয় অৰ্থনীতিৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব। এই অর্থনৈতিক সন্মিলন বিত্ত মন্...

October 2, 2024 4:36 PM

views 45

গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত দিৱস, ২০২৪ কার্যসূচীত প্রধানমন্ত্ৰী মোদীৰ অংশগ্রহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ১৫৫ সংখ্যক গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত দিৱস, ২০২৪ কার্যসূচীত অংশগ্রহণ কৰে। স্বচ্ছতাৰ বাবে অন্যতম উল্লেখযোগ্য গণ আন্দোলন স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ আজি ১০ বছৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অনাময় আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ সৈতে জড়িত ৯ হাজাৰ ৬০০ কোটি টকাৰ অধিক মূল্যৰ কেইবাটাও প্রকল্প শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত আমৰুৰ্ট আৰু আমৰুট ২.০ৰ অধীনত প্ৰকল্প, স্বচ্ছ গংগাৰ বাবে ৰাষ্ট্ৰীয় অভিযান আৰু গোৱৰ্দ্ধন আঁচনিৰ অধীনত ১৫টা সংকুচি...

October 2, 2024 3:36 PM

views 55

অসমৰ লগতে দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ আঁচনিৰ কামৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত স্থাপন হ'বলগীয়া চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পকে ধৰি দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ আঁচনিৰ কামৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াত চাৰিটা এনে প্রকল্প স্থাপন কৰিবলৈ লৈছে। কেন্দ্ৰীয় চৰকাৰৰ ভৱিষ্যমুখী দীর্ঘস্থায়ী শক্তি সম্পৰ্কীয় দৃষ্টিভংগীৰ অধীনত ৰাজহুৱা খণ্ডৰ গোটলৈ আগবঢ়োৱা বিনিয়োগ আৰু ব্যক্তিগত উদ্যমীৰ সৈতে সহযোগিতাৰে ৰূপায়ণ কৰিবলগীয়া আঁচনিৰ অং...