April 3, 2024 8:49 PM

views 83

মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছেঃ ৰাজনাথ সিঙ

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছে আৰু ২০২৭ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থা হিচাপে পৰিগণিত হবলৈ ওলাইছে। গাজিয়াবাদত আজি এখন নির্বাচনী সভাত ভাষণ দি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত ২০৪৭ চনলৈ বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিজেপি দেশক এই দিশত আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ বুলি তেও মন্তব্য কৰে। শ্রীসিঙে কয...

April 3, 2024 7:24 PM

views 78

পৰ্টুগালৰ প্রধানমন্ত্ৰীৰূপে নিৰ্বাচিত লুইছ মণ্টেনগ্ৰক প্রধানমন্ত্রীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৰ্টুগাল গণৰাজ্যৰ প্রধানমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱা লুইছ মণ্টেনগ্ৰক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ জৰিয়তে শ্রীমোদীয়ে আদি কয় যে, ভাৰত আৰু পৰ্টুগালৰ দ্বিপাক্ষিক সম্বন্ধ শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে একেলগে কাম কৰি যাব বুলি আশা প্রকাশ কৰে।

April 2, 2024 7:23 PM

views 72

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলায়। ৰাজ্যখনৰ ৫টা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্ৰিলত নির্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত মুঠ ৮৩ লাখ ৩৭ হাজাৰ ৯১৪ গৰাকী ভোটদাতাই ৫৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব।

April 2, 2024 12:40 PM

views 87

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলাব। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী  শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'বঃ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰী  সমষ্টিটোত বিজেপি প্রার্থীগৰাকীৰ বিৰুদ্ধে...

April 1, 2024 8:18 PM

views 53

গোলকীয় বিষয়সমূহে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ’ব লাগিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, গোলকীয় বিষয়সমূহে যাতে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ'ব লাগিব। মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সমাৰোহত ভাষণ প্ৰসংগত প্রধানমন্ত্রীয়ে কয় যে, ভাৰতৰ বেংকিং খণ্ডৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে আৰু ই এটা অধ্যয়নৰ বিষয়বস্তু হৈ পৰিছে। যোৱা দশকটোত কেন্দ্ৰীয় চৰকাৰ আৰু আৰ বি আয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে বেংকিং খণ্ড এতিয়া লাভজনক স্থিতিত উপনীত হৈছে। ৰাজহুৱা খণ্ডৰ বেংকসম...

April 1, 2024 10:44 AM

views 50

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্রীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ উপলক্ষে আয়োজিত RBI at 90 শীর্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত ৰাজ্য মন্ত্ৰী ভাগৱত কৃষণৰাও আৰু পংকজ চৌধাৰীও এই কার্যসূচীত উপস্থিত থাকিব। এই উপলক্ষে আৰ বি আইৰ গৰ্ভনৰ শক্তিকান্ত দাসেও ভাষণ দিব। উল্লেখযোগ্য যে ১৯৩৫ চনৰ পহিলা এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল আৰু আজি প্রতিষ্ঠানটোৱে ৯০ বছৰত প্ৰবেশ...