প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত ৭,৬০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয় যে, মহাৰাষ্ট্ৰত বিগত কেইটামান বছৰত গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু সম্পূৰ্ণ কৰা হৈছে। তেঁও কয় যে, মহাৰাষ্ট্ৰৰ পূৰ্বতে কেতিয়াও ইমান ক্ষীপ্ৰ উন্নয়ন হোৱা নাছিল। কেন্দ্ৰীয় চৰকাৰে মাৰাঠী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰি মাৰাঠী জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰয়ে প্ৰকাশ কৰে।
Assamese | October 9, 2024 8:22 PM | narendra modi | PMO India
মহাৰাষ্ট্ৰত ৭,৬০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ