October 2, 2024 3:14 PM

views 32

এখন পৰিষ্কাৰ, পৰিচ্ছন্ন ভাৰত লাভ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস অব্যাহত ৰাখিব লাগিবঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এখন পৰিষ্কাৰ, পৰিচ্ছন্ন ভাৰত লাভ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস অব্যাহত ৰাখিব লাগিব। নতুন দিল্লীত আজি স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰীয়া বৰ্ষপূর্তি উপলক্ষে স্বচ্ছতাই সেৱা ২০২৪ অনুষ্ঠানত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বচ্ছতাক এক গণ আন্দোলনৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত ১৪০ কোটি দেশবাসীৰ প্ৰচেষ্টাক সন্মান প্ৰদৰ্শন কৰে। স্বচ্ছ ভাৰত অভিযানৰ সফলতাত প্ৰতিজন ভাৰতীয়ই অৱদান আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ সৈতে সংগতি ৰাখি আজি বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন ক...

October 1, 2024 2:18 PM

views 26

জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ সৈতে বাৰ্তালাপত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে হায়দাবাদ হাউছত ড° হলনেছক আদৰণি জনায়। দুয়োখন দেশে দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। ড° হলনেছে প্রথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। জামাইকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যৱসায় আৰু বাণিজ্যৰ আগশাৰীৰ নেতাসকলৰ সৈতেও মিলিত হ'ব। চা...

October 1, 2024 10:10 AM

views 47

প্ৰধানমন্ত্ৰী মোদী জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ’লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ’ব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ'লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ'ব। দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ এই আলোচনাত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এণ্ডিউ হ'লনেছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰাৰ লগতে কেইবাগৰাকীও উদ্যোগপতিৰ সৈতে মত বিনিময় কৰিব। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ড০ এণ্ডি...

September 28, 2024 8:10 PM

views 25

হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতাত থকা কোনো এখন ৰাজ্যতে স্থিৰতা দেখিবলৈ পোৱা নাযায়, কিয়নো দলটোৱে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা মিছা প্ৰতিশ্ৰুতিবোৰ কেতিয়াও পূৰণ নকৰে। তেওঁ লগতে কংগ্ৰেছ দলটোৱে সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলাব বিচৰা বুলিও অভিযোগ উত্থাপন কৰে। বিজেপিয়ে কৃষকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে হাৰিয়ানাত বিজেপি চৰকাৰে ২৪ ব...

September 28, 2024 6:07 PM

views 49

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দেশক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্রধানমন্ত্রী শ্রী মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে দেশৰ জনতাক দৰিদ্ৰতাৰ বিৰুদ্ধে যুজত সক্রিয় অংশগ্ৰহণকাৰী হ'বলৈ শক্তিশালী কৰাত চৰকাৰে মনোনিৱেশ কৰিছে। তাৰ বাবে ১২ টা মূল সামাজিক খণ্ডৰ সূচকত ব...

September 23, 2024 3:06 PM

views 31

একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি পুৱা নিউয়র্কত আমেৰিকাৰৰ আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। তেওঁ লগতে কয় যে প্ৰযুক্তি আৰু গণতন্ত্ৰৰ মাজত ভাৰসাম্যতা সময়ৰ প্ৰয়োজনীয়তা আৰু গণতান্ত্রিক মূল্যবোধ আৰু প্ৰযুক্তিৰ একত্ৰীকৰণ মানৱ কল্যাণৰ বাবে এটা প্রতিশ্রুতি। প্রধানমন্ত্ৰীয়ে কয় যে ভাৰত প্ৰতিভা, গণতন্ত্ৰ আৰু বজাৰৰ এখন দেশ। এয়া এক দুৰ্...

September 23, 2024 12:08 PM

views 52

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰণৰ সৈতে সংগতি ৰাখি মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কয় যে, আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লগে লগে দেশত নিয়োগৰ সুযোগ বৃদ্ধিৰ জৰিয়তে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণ বৃদ্ধি হোৱা দেখা গৈছে। মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বহিঃৰাষ্ট্ৰৰ প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী ক...

September 16, 2024 7:54 PM

views 31

সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে কৈছে যে, গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ভাৱমূৰ্তি সলনি হৈছে আৰু বৰ্তমান সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই নিজৰ সমস্যাসমূহৰ সমাধান বিচাৰি ভাৰতৰ কাষ চাপে। শ্রীমোদীয়ে কৈছে যে, বর্তমান দেশে নিজৰ অমৃত কাল প্ৰত্যক্ষ কৰিছে আৰু তেওঁ দেশক অহা ২৫ বছৰৰ ভিতৰত বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। তেওঁ বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুজৰাটে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য...

September 16, 2024 6:04 PM

views 46

সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্ৰী মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰি দিয়া ভাষণত এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ই দেশক বিশ্বৰ ভিতৰতে শীৰ্ষৰ তিনিখন অৰ্থনীতিৰ ভিতৰৰ অন্যতম হিচাপে গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ হৈ কাম কৰি আছে। প্রধানমন্ত্ৰীয়ে পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰো শুভাৰম্...

September 14, 2024 2:44 PM

views 36

কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ৬ খন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। টাটানগৰত তেওঁ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০ হাজাৰ হিতাধিকাৰীক আবাসগৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব আৰু...