জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতাত থকা কোনো এখন ৰাজ্যতে স্থিৰতা দেখিবলৈ পোৱা নাযায়, কিয়নো দলটোৱে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা মিছা প্ৰতিশ্ৰুতিবোৰ কেতিয়াও পূৰণ নকৰে। তেওঁ লগতে কংগ্ৰেছ দলটোৱে সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলাব বিচৰা বুলিও অভিযোগ উত্থাপন কৰে। বিজেপিয়ে কৃষকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে হাৰিয়ানাত বিজেপি চৰকাৰে ২৪ বিধ শস্যক নূন্যতম সমৰ্থন মূল্যত ক্ৰয় কৰা বুলিও মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৬ চনত ভাৰতীয় সেনাই উৰিত চলোৱা চাৰ্জিকেল স্ট্রাইকৰ বিষয়ে উল্লেখ কৰি কয় যে, সেই আক্ৰমণৰ প্ৰমাণ বিচাৰি কংগ্ৰেছে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বিশ্বাসযোগ্যতাৰ ওপৰতে প্ৰশ্ন তুলিছিল। অনুষ্ঠানত বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে কয় যে, আই এন ডি আই মিত্রজোঁটে হাৰিয়ানাত পৰাজয়ৰ সন্মুখীন হোৱাৰ ভয়তে মিত্রতা স্থাপন নকৰিলে।
Assamese | September 28, 2024 8:10 PM | narendra modi | PMO India
হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ