কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী শ্বাহে কয় যে, শ্ৰী মোদীৰ এই দীঘলীয়া যাত্ৰা ৰাজহুৱা জীৱনত থকা সকলোৰে বাবে জীৱন্ত প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ এই দীঘলীয়া যাত্ৰা একাগ্ৰতা আৰু উৎসৰ্গাৰ প্রতীক। শ্রীমোদীয়ে তেওঁৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ স্বাৰ্থ তথা জনসাধাৰণৰ কল্যাণৰ হকে উৎসৰ্গা কৰিছে বুলি তেওঁ লগতে উল্লেখ কৰে। শ্ৰীশ্বাহে কয় যে, দুখীয়া লোকসকলৰ কল্যাণ, দেশৰ উন্নয়ন তথা বিশ্বত ভাৰতৰ পৰিচয় প্ৰতিষ্ঠাৰ হকে কিদৰে সমন্বয়ৰে কাম কৰিব লাগে সেয়া শ্ৰী মোদীয়ে দেখুৱাইছে।
Assamese | October 7, 2024 2:24 PM | Amit sah | Narendra | PMO India
ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অভিনন্দন