August 23, 2025 1:40 PM

views 49

চলিত মাহৰ শেষত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন আৰু জাপান ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ২৯ তাৰিখে চীন আৰু জাপান ভ্ৰমণ কৰিব। ২৯ আৰু ৩০ আগষ্টত প্রধানমন্ত্ৰীগৰাকীয়ে ১৫ সংখ্যক ভাৰত-জাপান বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এয়া হ’ব শ্রীমোদীৰ জাপানৰ প্ৰধানমন্ত্রী শ্বিগেৰো ইশ্বিবাৰ সৈতে প্রথমখন সন্মিলন। এই ভ্ৰমণকালত দুয়োগৰাকী প্রধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ মাজত প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য আৰু অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰিব। এই আলোচনাত আঞ্চলিক আৰু আন্তর্জাতিক বিষয় সমূহতো গুৰুত্ব আৰোপ কৰা হ'ব। ৩১ আগষ্ট...

July 10, 2025 12:06 PM

views 44

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচদেশীয় ভ্ৰমণৰ সফল সামৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘানা, ট্ৰিনিদাদ আৰু টবেগ', আর্জেণ্টিনা, ব্রাজিল আৰু নামিবিয়া- এই পাঁচদেশীয় ভ্ৰমণৰ সফল সামৰণি পৰিছে। প্ৰধানমন্ত্ৰীয়ে শেষ পৰ্যায়ৰ ভ্ৰমণত ভাৰত আৰু নামিবিয়াই প্ৰধানমন্ত্রী মোদীৰ উপস্থিতিত নামিবিয়াত উদ্যমিতা বিকাশ কেন্দ্ৰ আৰু স্বাস্থ্য তথা ঔষধৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালতে নামিবিয়াত তিনিটা বৃহৎ ঘোষণা কৰা হয় । চলিত বৰ্ষৰ শেষৰফালে দেশখনত ডিজিটেল লেনদেন ব্যৱস্থা মুকলি আৰু ভাৰতে নেতৃত্ব দিয়া সংহত দুৰ্যোগ ...

June 3, 2025 1:44 PM

views 65

প্রধানমন্ত্ৰীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা অনুষ্ঠিত

দৰং জিলাত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়, ৰিংৰোড আদিৰ আধাৰশিলা স্থাপনৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়া উপস্থিত থাকে। কালিৰ সভাত অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত সভাৰ স্থান নিৰ্ণয় কৰাৰ বাবে আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাংসদ দিলীপ শ‍ইকীয...

May 31, 2025 7:57 PM

views 56

ভূপালত আয়োজিত জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পেহেলগাম কাণ্ডক ভাৰতৰ নাৰী শক্তিৰ প্ৰতি প্ৰত্যাহ্বান বুলি অভিহিত কৰি এই ঘটনা কুটাঘাতকাৰীৰ বাবে মৃত্যু ঘণ্টা সদৃশ হৈ পৰা বুলি মত প্ৰকাশ কৰিছে। ভূপালত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ কয় যে ভাৰতে কোনো কাৰণতে কোনো ধৰণৰ ছাঁয়া যুদ্ধক সহ্য নকৰে আৰু এনেধৰণৰ সন্ত্ৰাসক কঠোৰভাৱে প্ৰত্যুত্তৰ দিয়াৰ প্ৰতি দেশখন সংকল্পবদ্ধ। দিনজোৰা ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভূপালৰ জাম্বুৰি ময়দানত আয়োজিত লোকমাতা দেৱী অহল্যা বাইৰ ৩০০ বছৰীয়া জন্ম বার্ষিকীৰ অনু...

May 28, 2025 9:27 PM

views 56

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ প্রধানমন্ত্ৰীৰ ছিকিম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে চিকিম, পশ্চিমবংগ, বিহাৰ, আৰু উত্তৰ প্ৰদেশ ভ্ৰমণলৈ ৰাওনা হ'ব। এই ভ্রমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে ৭০ হাজাৰ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও বহুমুখী উন্নয়নমুলক প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে কেইবাটাও প্রকল্প উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। চিকিমত প্রধানমন্ত্ৰীগৰাকীয়ে Sikkim@50 অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ৰাজ্যখনৰ বহুমুখী উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে উন্মোচনো কৰিব। প্রধানমন্ত্রী শ্রীমোদীয়ে চিকিমত এখন জনসভাতো ভাষণ...

April 11, 2025 9:47 AM

views 61

দিনজোৰা ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশলৈ যাব। উত্তৰ প্ৰদেশ ভ্ৰমণকালত তেওঁ বাৰাণসীত ৩ হাজাৰ ৮৮০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহ বাৰাণসীৰ আন্তঃগাঁথনি উন্নয়ন আৰু পথ যোগাযোগ সৈতে জড়িত। প্রধানমন্ত্রীয়ে লগতে দুটা ৪০০ কিল'ভল্ট আৰু এটা ২২০ কিল'ভল্ট শক্তিসম্পন্ন বিদ্যুৎ উপকেন্দ্র আৰু বিদ্যুৎ পৰিবাহী লাইন মুকলি কৰিব। বাৰাণসী সংমণ্ডলৰ জৌনপুৰ, চন্দৌলি আৰু গাজীপুৰত এহেজাৰ ৪৫ কোটিৰো অধিক টক...

March 29, 2025 11:48 AM

views 58

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ কৰিব। মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰীয়ে নাগপুৰলৈ গৈ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে দীক্ষা ভূমিও ভ্ৰমণ কৰিব। ইয়াৰ পাছত তেওঁ নাগপুৰত মাধৱ নেত্ৰালয় প্রিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি এখন জনসভাতো ভাষণ দিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাজ্যখনত নতুনকৈ স্থাপন কৰা কেইবাটাও প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে চত্তিশগড়ৰ বিলাসপুৰত ৩৩ হাজাৰ কোটি টকাৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়ন...

March 10, 2025 8:59 PM

views 51

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গৈ মৰিছাচত উপস্থিত হ’বগৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গৈ মৰিছাচত উপস্থিত হ'বগৈ। তেওঁ মৰিছাচৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ ভ্ৰমণ তথা অহা ১২ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় দিৱস উপলক্ষে মৰিছাচত সকলোবোৰ প্ৰস্তুতি তুংগত উঠিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ১৯৬৮ চনৰ ১২ মাৰ্চত মৰিচাচে স্বাধীনতা লাভ কৰিছিল আৰু তাৰ পাছৰে পৰা প্ৰত্যেক বছৰে ১২ মাৰ্চৰ দিনটো মৰিছাচৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰি অহা হৈছে। ২০১৫ চনৰ পাছত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ...

March 7, 2025 10:22 AM

views 55

প্রধানমন্ত্ৰীৰ গুজৰাট আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদা, নগৰ হাৱেলী তথা দমন আৰু দিউৰ দুদিনীয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদা, নগৰ হাৱেলী তথা দমন আৰু দিউৰ দুদিনীয়া ভ্ৰমণ আৰম্ভ কৰিব। শ্রী মোদীয়ে গুজৰাটৰ সুৰত আৰু নৱসাৰী তথা দমনৰ সিলৱাসাত কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব। আজি পুৱা তেওঁ দমন আৰু দিউৰ সিলৱাসা আৰু দাদৰা নগৰ হাৱেলীত দুহেজাৰ ৫৮৭ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। সিলৱাসাত প্ৰধানমন্ত্ৰীয়ে ৪৫০ খন বিছনাযুক্ত নমো হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে জনসভাত ভাষণো দিব। সুৰতত তেওঁ সুৰত খাদ্য সুৰক্ষা ...

November 18, 2024 8:04 PM

views 49

নাইজেৰিয়াৰ ৰাজধানী আবুজাত প্রবাসী ভাৰতীয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰতে এতিয়া নিজৰ সুবিধাজনক স্থিতিৰ পৰা বাহিৰলৈ ওলাই আহিছে, উদ্ভাৱনক আকোৱালি লৈছে আৰু উন্নয়নৰ নতুন পথ মুকলি কৰিছে, যি ভাৰতৰ পৰিচয়ৰ চিহ্ন হৈ পৰিছে। নাইজেৰিয়াৰ ৰাজধানী আবুজাত প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰতে এক নতুন যাত্ৰা আৰম্ভ কৰিছে। তেওঁৰ চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতৰ ডেৰ লাখতকৈও অধিক পঞ্জীয়নভুক্ত ষ্টৰ্টআপ আছে। তেওঁ লগতে কয়, যে যোৱাটো দশকত ১০০ ৰো অধিক ইউনিকর্ন গঢ়ি ত...