প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ কৰিব। মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰীয়ে নাগপুৰলৈ গৈ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে দীক্ষা ভূমিও ভ্ৰমণ কৰিব। ইয়াৰ পাছত তেওঁ নাগপুৰত মাধৱ নেত্ৰালয় প্রিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি এখন জনসভাতো ভাষণ দিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাজ্যখনত নতুনকৈ স্থাপন কৰা কেইবাটাও প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।
ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে চত্তিশগড়ৰ বিলাসপুৰত ৩৩ হাজাৰ কোটি টকাৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰিব।
Assamese | March 29, 2025 11:48 AM | PM Visit
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ