দৰং জিলাত নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়, ৰিংৰোড আদিৰ আধাৰশিলা স্থাপনৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া উপস্থিত থাকে। কালিৰ সভাত অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত সভাৰ স্থান নিৰ্ণয় কৰাৰ বাবে আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক আহ্বায়ক আৰু দৰং জিলাৰ সমষ্টিকেইটাৰ উপৰি নিকটৱৰ্তি জিলাৰ সমষ্টিসমূহত বিধায়কসকল সদস্য হিচাপে থাকিব। কালিৰ এই একেখন সভাতে বান পৰিস্থিতি আৰু এই সন্দৰ্ভত ল’বলগীয়া প্ৰস্তুতিৰ ওপৰতো আলোচনা কৰা হয়।
Assamese | June 3, 2025 1:44 PM | PM Visit
প্রধানমন্ত্ৰীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা অনুষ্ঠিত