প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ২৯ তাৰিখে চীন আৰু জাপান ভ্ৰমণ কৰিব। ২৯ আৰু ৩০ আগষ্টত প্রধানমন্ত্ৰীগৰাকীয়ে ১৫ সংখ্যক ভাৰত-জাপান বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এয়া হ’ব শ্রীমোদীৰ জাপানৰ প্ৰধানমন্ত্রী শ্বিগেৰো ইশ্বিবাৰ সৈতে প্রথমখন সন্মিলন। এই ভ্ৰমণকালত দুয়োগৰাকী প্রধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ মাজত প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য আৰু অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰিব। এই আলোচনাত আঞ্চলিক আৰু আন্তর্জাতিক বিষয় সমূহতো গুৰুত্ব আৰোপ কৰা হ’ব। ৩১ আগষ্ট আৰু ১ ছেপ্তেম্বৰত প্রধানমন্ত্রী শ্রীমোদীয়ে চীন ভ্রমণ কৰিব। তেওঁ তিয়ানচিনত ছাংহাই সহযোগিতা সংস্থা সন্মিলনত উপস্থিত থাকিব। এই আপাহতে প্রধানমন্ত্ৰীগৰাকীয়ে বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত সম্ভাৱনা আছে।
Assamese | August 23, 2025 1:40 PM | PM Visit
চলিত মাহৰ শেষত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন আৰু জাপান ভ্ৰমণ