December 10, 2025 7:49 PM

views 51

শ্বহীদ দিৱসত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে দেশৰ ইতিহাসত অসম আন্দোলনৰ বিশেষ স্থান আছে। অসম আন্দোলনত অংশগ্রহণ কৰাসকলৰ সপোন পূৰ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ দোহাৰে। তেওঁ কয় যে ৰাজ্যখনৰ সৰ্বাত্মক উন্নয়ণ তথা সংস্কৃতি শক্তিশালী কৰি তোলাত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ড’নাৰ মন্ত্ৰী সিন্ধিয়াই সামাজিক মাধ্যমযোগে কয় যে ছহিদসকলে অসমৰ প...

December 4, 2025 11:55 AM

views 62

সামাজিক মাধ্যমত প্ৰাকৃতিক কৃষি পদ্ধতি গ্রহণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ জৰিয়তে কৃষিৰ বিবিধতা বৃদ্ধি পায়, য'ত গছ-গছনি আৰু পশুধনে সহাৱস্থানৰ জৰিয়তে প্ৰাকৃতিক জৈৱ-বৈচিত্র্যক শক্তিশালী কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি দেশৰ জনসাধাৰণক প্ৰাকৃতিক কৃষি পদ্ধতি গ্রহণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ পাৰস্পৰিক ব্যৱস্থাৰ পৰা উদ্ভৱ হোৱা এই প্রাকৃতিক কৃষিপদ্ধতিত কৃষিজাত আৱৰ্জনাসমূহ পুনৰব্যৱহাৰযোগ্য কৰি খেতিৰ বাবে কৃষিভূমিক উপযোগী কৰি তোলা হয়। শ্...

November 30, 2025 8:06 PM

views 54

আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে পেচাদাৰীত্ব, সংবেদনশীলতা আৰু দায়বদ্ধতা বৃদ্ধিৰে জনসাধাৰণৰ ধাৰণা সলনি কৰাটো সম্ভৱ হ'ব। আজি ৰায়পুৰত আয়োজিত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সন্মিলনত প্রধানমন্ত্রীয়ে অধ্যক্ষতা কৰে। তেওঁ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত আৰক্ষী তথা প্রশাসনক জনবসতিহীন দ্বীপসমূহক একত্ৰিত কৰাৰ বাবে উদ্ভাৱনী কৌশল গ্রহণ কৰি নেটগ্ৰীডৰ অধীনত তথ্য একত্ৰিত কৰি কৃত্রিম বু...

November 24, 2025 6:00 PM

views 61

প্রধানমন্ত্ৰী মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব। তেওঁ মহর্ষি বশিষ্ঠ, মহর্ষি বিশ্বামিত্র, মহর্ষি অগ্যস্ত, মহর্ষি বাল্মিকী, দেৱী অহল্যা, নিষধৰাজ গুহা আৰু মাতা শবৰীৰ মন্দিৰ থকা সপ্তমন্দিৰ স্থানো দৰ্শন কৰিব। তাৰ পাছতে প্রধানমন্ত্ৰীয়ে শেষঅৱতাৰ মন্দিৰলৈ যাব। প্রধানমন্ত্রীয়ে মাতা অন্নপূর্ণা মন্দিৰ দৰ্শন কৰিব আৰু ইয়াৰ পাছত ৰামদৰবাৰ গৰ্ভগৃহত পূজা অৰ্চনা কৰিব। ইয়াৰ পাছতে তেওঁ ৰামলালা গৰ্ভগৃহ দৰ্শন কৰিব। শ্রীমোডীয়ে অযোধ্যাৰ শ্ৰীৰামজনমভূমি মন্দিৰৰ চূড়াত গেৰুৱ...

November 23, 2025 7:52 PM

views 55

ভাৰত, ব্রাজিল আৰু দক্ষিণ আফ্রিকা- ৩খন মহাদেশ, ৩খন বৃহৎ গণতন্ত্র আৰু ৩ টা প্রধান অর্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

ভাৰত, ব্রাজিল আৰু দক্ষিণ আফ্রিকা চমুকৈ আই বি এছ এ কেৱল তিনিখন দেশৰ এটা গোটেই নহয় বৰঞ্চ ই ৩ খন মহাদেশ, ৩ খন বৃহৎ গণতন্ত্র আৰু ৩ টা প্রধান অর্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্রকাশ কৰিছে। তিনিওখন দেশে উভয় পক্ষৰে বিকাশৰ ক্ষেত্ৰত পৰিপূৰক হোৱাৰ লগতে দীর্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত এক নিদর্শন দাঙি ধৰিব পাৰে। জোহান্সবার্গত আই বি এছ এব নেতৃবৰ্গৰ এখন বৈঠকত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে প্রাকৃতিক কৃষি পদ্ধতি, শ্রীঅন্ন, দুর্যোগ ব্যবস্থাপনা, সেউজ শক্তি, পৰম্পৰাগত ঔষধ ...

November 12, 2025 12:14 PM

views 62

ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল বাংছুকৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি থিম্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল বাংছুকৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে। পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দর্ভতো বৈঠকত আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই যৌথভাবে এহেজাৰ ২০ মেগাৱাট ক্ষমতাসম্পন্ন পুনাটছাংচু-২ জলবিদ্যুৎ প্রকল্প উদ্বোধন কৰে। দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে নবীকৰণযোগ্য শক্তি, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত তিনিখন বুজাবুজিৰ চুক্...

November 6, 2025 8:17 PM

views 56

পৰহিলৈ আইনী সাহায্য প্রদান ব্যৱস্থা সন্দৰ্ভত হ’বলগীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত পৰহিলৈ আইনী সাহায্য প্রদান ব্যৱস্থা সন্দৰ্ভত হ'বলগীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এটা বিবৃতিত প্রকাশ পোৱা অনুসৰি, প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰীয় আইন সেবা প্ৰাধিকাৰীয়ে প্ৰস্তুত কৰা সামুহিক মধ্যস্থতা প্রশিক্ষণ আৰ্হি মুকলি কৰাৰ লগতে সমাবেশতো অংশ ল'ব। দুদিনীয়া এই সন্মিলনত আইনী সেৱা, বিশেষকৈ আইনী সাহায্য প্ৰতিৰক্ষা পৰামৰ্শ ব্যৱস্থা, অর্ধ আইনী স্বেচ্ছাসেৱক, অধিবক্তাৰ দল, স্থায়ী লোক আদালত আৰু আইন সেবা প্রতিষ্ঠানসমূহৰ আৰ্থিক ব্যৱস্থাপনা সন্দর্ভত আলোচনা অনুষ...

November 6, 2025 8:14 PM

views 60

পৰহিলৈ বাৰাণসীত চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ বাৰাণসী ভ্ৰমণ কৰি চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰা পতাকা জোকাৰি মুকলি কৰিব। এই নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীকেইখনে বেণাৰস-খজুৰাহো, লক্ষ্ণৌ-চাহৰাণপুৰ, ফিৰোজপুৰ-দিল্লী আৰু আৰ্ণাকূলম-বাংগালুৰু পথৰ যাত্ৰা সামৰি লাব। এই ৰেলগাড়ীকেইখনে ভ্রমণৰ সময় হ্রাস কৰাৰ লগতে পৰ্য্যটন খণ্ডক উৎসাহ যোগাব আৰু দেশৰ অর্থব্যৱস্থালৈ অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

November 4, 2025 7:52 PM

views 65

বিহাৰ বিধানসভা নির্বাচনত ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাই বিপুলভাৱে জয়লাভ কৰিব বুলি আস্থা প্রকাশ প্রধানমন্ত্রীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নির্বাচনত ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাই বিপুলভাৱে জয়লাভ কৰিব বুলি আস্থা প্রকাশ কৰিছে। মেৰা বুথ সবসে মজবুট কাৰ্য্যসূচীৰ অধীনত আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰি তেওঁ এই কথা প্রকাশ কৰে। শ্রীমোদীয়ে কয়, যে বিহাৰৰ জনসাধাৰণে এন ডি এক বিপুলভাবে জয়লাভ কৰোৱাৰ বাবে মন বান্ধি লৈছে আৰু এই নির্বাচনত বিগত ২০ বছৰৰ অভিলেখ ভংগ কৰিব। তেওঁ এন ডি এ মিত্রজোটৰ চৰকাৰে বিহাৰৰ উন্নয়ন সাধন কৰিব বুলি আশ্বাস প্রদান কৰিছে।

November 1, 2025 9:43 PM

views 58

চত্তিশগড়ৰ নৱৰায়পুৰত নতুনকৈ নিৰ্মাণ কৰা চত্তিশগড় বিধানসভা ভৱন উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তিশগড়ৰ নৱৰায়পুৰত নতুনকৈ নিৰ্মাণ কৰা চত্তিশগড় বিধানসভা ভৱন উদ্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ৰত্ন তথা দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। ভাষণ প্ৰসংগত শ্রীমোদীয়ে কয় যে সমগ্ৰ দেশত আজি বিকাশ সাধন হোৱাৰ লগতে ঐতিহ্যৰ সংৰক্ষণৰ ক্ষেত্ৰতো দেশ আগবাঢ়ি গৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো নীতি আৰু সিদ্ধান্তত এই ভাৱধাৰা প্ৰতিফলিত হয়। প্রধানমন্ত্ৰী মোদীয়ে কয় যে চত্তিশগড়ৰ নতুন বিধানসভা ভ...