প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ জৰিয়তে কৃষিৰ বিবিধতা বৃদ্ধি পায়, য’ত গছ-গছনি আৰু পশুধনে সহাৱস্থানৰ জৰিয়তে প্ৰাকৃতিক জৈৱ-বৈচিত্র্যক শক্তিশালী কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি দেশৰ জনসাধাৰণক প্ৰাকৃতিক কৃষি পদ্ধতি গ্রহণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ পাৰস্পৰিক ব্যৱস্থাৰ পৰা উদ্ভৱ হোৱা এই প্রাকৃতিক কৃষিপদ্ধতিত কৃষিজাত আৱৰ্জনাসমূহ পুনৰব্যৱহাৰযোগ্য কৰি খেতিৰ বাবে কৃষিভূমিক উপযোগী কৰি তোলা হয়। শ্রীমোদীয়ে কিছুদিন পূর্বে কইম্বাতুৰত প্ৰাকৃতিক কৃষি সন্দর্ভত এখন সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে এই সম্মিলনে তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলায়। ভাৰতে কৃষিখণ্ডত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে বিগত বছৰত চৰকাৰে মুকলি কৰা প্ৰাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় অভিযানে ইতিমধ্যে লাখ লাখ কৃষকক সংযোজিত কৰিছে। সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিক উৎসাহিত কৰা, কিষাণ ক্রেডিট কার্ডৰ সুবিধা প্রদান আৰু পিএম কিষাণ আঁচনিৰ দৰে প্ৰচেষ্টাসমূহে কৃষকসকলক প্রাকৃতিক কৃষি পদ্ধতি অৱলম্বন কৰাৰ ক্ষেত্ৰত উপকৃত কৰিছে প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে।
Assamese | December 4, 2025 11:55 AM | PM Modi
সামাজিক মাধ্যমত প্ৰাকৃতিক কৃষি পদ্ধতি গ্রহণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীৰ