বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নির্বাচনত ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাই বিপুলভাৱে জয়লাভ কৰিব বুলি আস্থা প্রকাশ কৰিছে। মেৰা বুথ সবসে মজবুট কাৰ্য্যসূচীৰ অধীনত আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰি তেওঁ এই কথা প্রকাশ কৰে। শ্রীমোদীয়ে কয়, যে বিহাৰৰ জনসাধাৰণে এন ডি এক বিপুলভাবে জয়লাভ কৰোৱাৰ বাবে মন বান্ধি লৈছে আৰু এই নির্বাচনত বিগত ২০ বছৰৰ অভিলেখ ভংগ কৰিব। তেওঁ এন ডি এ মিত্রজোটৰ চৰকাৰে বিহাৰৰ উন্নয়ন সাধন কৰিব বুলি আশ্বাস প্রদান কৰিছে।
Assamese | November 4, 2025 7:52 PM | PM Modi
বিহাৰ বিধানসভা নির্বাচনত ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাই বিপুলভাৱে জয়লাভ কৰিব বুলি আস্থা প্রকাশ প্রধানমন্ত্রীৰ