প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত পৰহিলৈ আইনী সাহায্য প্রদান ব্যৱস্থা সন্দৰ্ভত হ‘বলগীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এটা বিবৃতিত প্রকাশ পোৱা অনুসৰি, প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰীয় আইন সেবা প্ৰাধিকাৰীয়ে প্ৰস্তুত কৰা সামুহিক মধ্যস্থতা প্রশিক্ষণ আৰ্হি মুকলি কৰাৰ লগতে সমাবেশতো অংশ ল‘ব। দুদিনীয়া এই সন্মিলনত আইনী সেৱা, বিশেষকৈ আইনী সাহায্য প্ৰতিৰক্ষা পৰামৰ্শ ব্যৱস্থা, অর্ধ আইনী স্বেচ্ছাসেৱক, অধিবক্তাৰ দল, স্থায়ী লোক আদালত আৰু আইন সেবা প্রতিষ্ঠানসমূহৰ আৰ্থিক ব্যৱস্থাপনা সন্দর্ভত আলোচনা অনুষ্ঠিত হ‘ব।
Assamese | November 6, 2025 8:17 PM | PM Modi
পৰহিলৈ আইনী সাহায্য প্রদান ব্যৱস্থা সন্দৰ্ভত হ’বলগীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন প্রধানমন্ত্রীৰ