September 4, 2024 6:07 PM

views 29

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্রুনেইৰ চুলতান হাজি হাছানাল বোন্ধিয়াৰে দ্বিপাক্ষিক বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্রুনেইৰ বন্দৰ ছেৰী বেগৱানত দেশখনৰ চুলতান হাজি হাছানাল বোন্ধিয়াৰ সৈতে আলোচনাত মিলিত অংশগ্রহণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয় যে, চুলতান হাজি হাছানাল বোন্ধিয়াক সাক্ষাৎ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে। তেওঁলোকৰ বৈঠকত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ ব্যৱস্থাকে ধৰি ভালেমান বিষয়ে স্থান লাভ কৰে বুলি তেওঁ জানিবলৈ দিয়ে। ভাৰত আৰু ব্রুনেইৰ মাজত বাণিজ্যিক সম্পৰ্কৰ লগতে জনসাধাৰণৰ মাজৰ আদান-প্ৰদানৰ ব্যৱস্থা অধিক সম্প্ৰসাৰিত ...

September 2, 2024 8:47 AM

views 32

জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত প্ৰধানমন্ত্ৰী মোদীৰ শোক প্রকাশ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি। প্রয়াত উমেশ উপাধ্যায়ৰ পৰিয়ালবৰ্গলৈ প্রধানমন্ত্ৰীগৰাকীয়ে সমবেদনা জ্ঞাপন কৰে। দক্ষিণ দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলত এটা নির্মীয়মান অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা পৰি উমেশ উপাধ্যায়ৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৪ বছৰ৷

September 1, 2024 12:41 PM

views 44

ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত কৰিছে। তেওঁ লগতে দেশত ব্যৱসায়ৰ সা-সুবিধা, সংস্কাৰ, সুস্থিৰ নীতিগত ব্যৱস্থা আৰু উচ্চ বিকাশৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্রধানমন্ত্রীয়ে কালি ই টি- বিশ্ব নেতা মঞ্চত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে বিনিয়োগকাৰীসকলক উদ্ভাৱণ, প্ৰদৰ্শন, ইতিবাচক উদ্যম আৰু উচ্চমানৰ সামগ্ৰীৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে অধিক দৃঢ় অভিপ্ৰায় আৰু পূৰ্ণ আস্থা আৰু আশাৰে তৃতীয় কার্যকাল আৰম্ভ কৰিছে। তেও...

August 31, 2024 8:12 PM

views 57

প্রধানমন্ত্ৰী মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্রস্তুতি অব্যাহত আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি এই পিয়লৰ বাবে জিলা পৰ্যায়ৰ গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম পশুপালন বিভাগৰ অধীনত হাটশিঙিমাৰী মহকুমা পশুপালন বিভাগে জিলাখনৰ শতাধিক বিষয়া- কৰ্মচাৰীক এখন কৰ্মশালাৰ জৰিয়তে পশুধনৰ গণনাকাৰ্য্য সম্পৰ্কে অৱগত কৰে। এই কাৰ্যসূচীত হাটশিঙিমাৰী মহকুমা পশুপালন বিষয়াকে ধৰি কেইবা...

August 31, 2024 6:07 PM

views 80

মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজনঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্রুত হোৱাত গুৰুত্ব দি কয় যে, তেতিয়াহে মহিলাৰ সুৰক্ষা নিশ্চিত হৈ উঠিব। প্রধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় জিলা ন্যায়িক সমাৰোহ উদ্বোধন কৰি দিয়া ভাষণত আ...

August 30, 2024 9:06 PM

views 36

কাইলৈ ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি পতাকা জোকাৰি ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতক প্ৰতিফলিত কৰি সম্পূৰ্ণ দেশত নির্মিত বন্দে ভাৰত ৰেলগাড়ীকেইখন মিৰাট-লক্ষ্ণৌ, মাদুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগৰকইলৰ মাজত চলাচল কৰিব। উত্তৰ প্রদেশ, তামিলনাডু আৰু কৰ্ণাটকত চলাচল কৰিবলগা এই বন্দে ভাৰত তীব্ৰ বেগৰ ৰেলগাড়ীকেইখনে জনসাধাৰণক বিশ্বমানৰ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব। বন্দে ভাৰত ৰেলগাড়ীকেইখনৰ চলাচলে নিয়মীয়া যাত্ৰী, ব্যৱসায়ী, বৃত্তিধাৰী আৰু ছাত্ৰ-ছাত্...

August 30, 2024 9:04 PM

views 50

দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে বুলি জগদীপ ধনখড়ৰ মন্তব্য

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে। নতুন দিল্লীত আজি দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতী মহাবিদ্যালয়ত বিকশিত ভাৰতত মহিলাসকলৰ ভূমিকা সন্দৰ্ভত এটা আলোচনাত অংশগ্রহণ কৰি এই কথা প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয় যে, বিকশিত ভাৰতৰ লক্ষ্য সাধনৰ ক্ষেত্ৰত মহিলাসকলৰ গুৰুত্ব অপৰিসীম। তেওঁ কয় যে, শক্তি আৰু প্ৰতিভা থকা নাৰীসকলে অর্থনৈতিক পৰিবেশত গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লব পাৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।...

August 29, 2024 1:22 PM

views 49

দেশৰ ১৪০ কোটি জনতাই পেৰিছ পেৰালিম্পিকত ভাগ লোৱা খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ ১৪০ কোটি জনতাই পেৰিছ পেৰালিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কৈছে যে, প্ৰতিগৰাকী খেলুৱৈৰ সাহস আৰু একাগ্ৰতা সমগ্ৰ দেশৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁ কৈছে যে, সকলোৱে তেওঁলোকৰ সফলতাৰ কামনা কৰিছে।

August 27, 2024 8:18 PM

views 40

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষক লৈ নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমীৰ পুটিনৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষক লৈ মত বিনিময় কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে, তেওঁ শ্ৰীপুটিনৰ সৈতে বিশেষ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বিষয়ে কথা পাতে। প্রধানমন্ত্রীয়ে লগতে শেহতীয়া ইউক্রেইন ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে শ্রীপুটিনক অৱগত কৰে। বাৰ্তালাপৰ সময়ত শ্ৰীমোদীয়ে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত সংঘৰ্ষৰ শান্তিপূর্ণ সমাধানৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোঁহাৰে ৷

August 23, 2024 6:15 PM

views 41

মহাৰাষ্ট্ৰত পৰহিলৈ ১১ লাখ লাখপতি বাইদেউক প্রমাণপত্ৰ বিতৰণ কৰিব প্রধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱত ১১ লাখ লাখপতি বাইদেউক প্রমাণপত্ৰ বিতৰণ কৰিব। শ্রীমোদীয়ে লগতে বছৰি এক লাখ বা তাতকৈ অধিক ধন উপাৰ্জন কৰা লাখপতি বাইদেউসকলৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ২,৫০০ কোটি টকাৰ সমুদায় বিনিয়োগ পুঁজি মুকলি কৰিব। ইয়াৰ দ্বাৰা ৪ লাখ ৩ হাজাৰ আত্মসহায়ক গোটৰ প্ৰায় ৪৮ লাখ সদস্য উপকৃত হ'ব। শ্রীমোদীয়ে লগতে ৫ হাজাৰ কোটি টকাৰ এটা বেংক ঋণো মুকলি কৰিব। দেশৰ ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ৩০ হাজাৰটা স্থানৰ লোকে ভার্চুৱেল ব...