September 13, 2024 12:29 PM

views 42

ভাৰতবৰ্ষৰ দ্রুত বিকাশত বিমান পৰিবহন খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিমান পৰিবহন খণ্ডই ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰে এই খণ্ডৰ জৰিয়তে জনসাধাৰণ, সংস্কৃতি আৰু সমৃদ্ধিৰ সৈতে সংযুক্ত হোৱাৰ বাবে কাম কৰি আছে বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে। নতুন দিল্লীত কালি অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ সন্মিলনক সম্বোধন কৰি প্ৰধানমন্ত্রী গৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, মধ্যবিত্ত শ্ৰেণীৰ ভিতৰত পৰা লোকৰ বৰ্ধিত সংখ্যাৰ ফল...

September 12, 2024 8:14 PM

views 44

অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ বিমান পৰিবহন খণ্ড আমূল পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণৰ বাবে যাত্ৰা সূচল হৈ পৰিছে আৰু যোগাযোগ ব্যৱস্থাও উন্নত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰা সদস্য ৰাষ্ট্ৰসমূহে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাপত্র, অঞ্চলটোৰ বিমান পৰিবহন খণ্ডক নতুন শিখৰ...

September 12, 2024 8:11 PM

views 43

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদক লাভ কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হৈছে। ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়া আৰু ভাৰতীয় পেৰালিম্পিক কমিতিৰ অধ্যক্ষ দেৱেন্দ্ৰ ঝাঝৰিয়াও এই কথোপকথনত উপস্থিত আছিল।

September 12, 2024 1:40 PM

views 41

প্ৰধানমন্ত্ৰী গ্ৰাম্য ছড়ক যোজনাৰ চতুর্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে ২০২৪-২৫ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য ছড়ক যোজনাৰ চতুর্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন দিছে। এই আঁচনিৰ বাবে মুঠ ৭০ হাজাৰ ১২৫ কোটি টকা ব্যয় হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, এই আঁচনিৰ অধীনত ৬২ হাজাৰ ৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে বৰ্তমানলৈকে যোগাযোগৰ ভাল সুবিধা নথকা ২৫ হাজাৰ বসতিস্...

September 12, 2024 9:59 AM

views 49

আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ’ব

■ আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নির্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্রধানমন্ত্রী নবেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি কালি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনি ৰূপায়ণৰ বাবে প্ৰাৰম্ভিকভাৱে ৩ হাজাৰ ৪৩৭ কোটি টকা মঞ্জুৰ কৰা হৈছে আৰু পৰ্যায় ক্ৰমে এই ধনৰ আৱণ্টন বৃ...

September 11, 2024 12:02 PM

views 160

গ্ৰাম্য গৃহ নিৰ্মাণৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে PMAY-G 2.0 আৰম্ভ

■ অসমত ১৫ ছেপ্টেম্বৰত ১,৭১,৫৯৩ জন হিতাধিকাৰীয়ে লাভ কৰিব গৃহ অনুমোদন ■ দেশৰ গ্ৰাম্য উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে সমগ্ৰ দেশতে অতিৰিক্ত ২ কোটি ঘৰ প্ৰদানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ আঁচনিখন আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিছে। অহা ১৫ ছেপ্টেম্বৰ তাৰিখে অসমত ১,৭১,৫৯৩ টা নতুন PMAY-G ঘৰে অনুমোদন লাভ কৰাৰ লগতে প্ৰথম কিস্তিৰ ধন লাভ কৰিব। ইয়াৰ লগতে সমগ্ৰ ৰাজ্যতে ১,০৩,৫৭৫ টা সম্পূৰ্ণ হোৱা PMAY- G ঘৰৰ বাবে গৃহপ্ৰৱেশ অনুষ্ঠানৰো আয়োজন কৰা হ’ব। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বাকী ...

September 9, 2024 8:09 PM

views 44

পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনাইছে। এই বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন অহা ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত দশকটোত চৰকাৰে অসংখ্য তৃণমূল পৰ্যায়ৰ নায়কক পদ্ম সন্মানেৰে সন্মানিত কৰি আহিছে। তেওঁ কয় যে, এই সন্মান প্ৰাপকসকলৰ জীৱন যাত্ৰাই অগণন লোকক উদ্বুদ্ধ কৰাৰ লগতে এই লোকসকলৰ কামকাজত ...

September 7, 2024 6:22 PM

views 45

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ ছেপ্তেম্বৰ

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিল অন্তিম দিন ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। এই বঁটাৰ জৰিয়তে শিশুসকলৰ মাজত থকা শক্তি, দৃঢ়তা আৰু যোগ্যতাক উৎসাহ যোগোৱা হয়। ৫ বছৰ বয়সৰ ঊৰ্ধৰ আৰু ১৮ বছৰ বয়সৰ তলৰ শিশুক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। উল্লেখযোগ্য যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে প্ৰতি বছৰে জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰে। এই বছৰৰ বঁটা প্ৰাপকসকলৰ নাম ২৬ ডিচেম্বৰৰ বীৰ বাল দিৱসত ঘোষণা কৰা হ'ব।

September 6, 2024 12:53 PM

views 38

ব্রুনেই আৰু ছিংগাপুৰৰ সফল ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্রুনেই আৰু ছিংগাপুৰৰ সফল ভ্ৰমণ সামৰি ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। ভাৰত আৰু ছিংগাপুৰে কালি স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী প্রণালী বিষয়ক সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । দুয়োখন দেশে লগতে উভয় দেশৰ মাজৰ সম্পৰ্কক সর্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ ফলত ভাৰতৰ এক্ট ইষ্ট নীতিয়ে প্ৰসাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ...

September 5, 2024 11:36 AM

views 43

লৰেন্স ৱঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতাৰ অগ্ৰগতি পর্যালোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতাৰ অগ্ৰগতি পর্যালোচনা কৰিব আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰিব। শ্রীমোদী ব্রুনেইৰ সফল ভ্রমণ সামৰি কালি বিয়লি ছিংগাপুৰৰ লায়ন চহৰত উপস্থিত হয়। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰীমোদীৰ সন্মানার্থে ব্যক্তিগত নৈশ ভোজৰ আয়োজন কৰে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যম যোগে শ্ৰীৱঙৰ সৈতে বিভিন্ন বিষয় লৈ গুৰুত্বপূৰ্...