■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি। প্রয়াত উমেশ উপাধ্যায়ৰ পৰিয়ালবৰ্গলৈ প্রধানমন্ত্ৰীগৰাকীয়ে সমবেদনা জ্ঞাপন কৰে। দক্ষিণ দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলত এটা নির্মীয়মান অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা পৰি উমেশ উপাধ্যায়ৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৪ বছৰ৷
Assamese | September 2, 2024 8:47 AM | narendra modi | PM Modi
জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত প্ৰধানমন্ত্ৰী মোদীৰ শোক প্রকাশ