June 30, 2024 6:55 PM

views 74

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাৰ  গোলাঘাটৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাই আজি গোলাঘাটৰ তেতেলীতলৰ হাঁহচ'ৰা পথাৰৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। তেওঁ হোজাই, নগাওঁ জিলাৰ কামপুৰ আৰু বৰাক উপত্যকাত মথাউৰি নিৰ্মাণৰ কাম কৰিবলগীয়া আছে বুলি উল্লেখ কৰে। ইয়াৰপূৰ্বে তেওঁ গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা ২লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। মন্ত্রী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন আৰু প্ৰাক্তন মন্ত্রী বিস্মৃতা গগৈয়ে তেওঁক সংগ দিয়ে। ইয়াৰ পাছত তেওঁ পদুমণি মণ্ডল বিজেপি কার...

June 23, 2024 7:11 PM

views 55

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতি আৰু খহনীয়া পৰিদৰ্শন

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কৰিমগঞ্জৰ বদৰপুৰ ঘাটত জলসম্পদ বিভাগৰ এখন শ্লুইছ গেট পৰিদৰ্শন কৰে। বৰাক নদীৰ বাঢ়নি পানীয়ে এই স্থানত সমস্যাৰ সৃষ্টি কৰি অহাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী শ্ৰী হাজৰিকাই জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক জৰুৰীকালীনভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ শ্রীগৌৰীত বৰাক নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে। বৰাক নদীৰ খহনীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতি কৰাৰ ফলত পথটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। সেয়ে, এই স্থানত জলসম্পদ বি...

June 16, 2024 1:24 PM

views 67

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ গহপুৰৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময়

সাম্প্ৰতিক বান-খহনীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি গহপুৰৰ লোহিতমুখ অঞ্চলৰ কৰৈআতি ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লোৱাৰ লগতে খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে কৰৈআতিত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়ি অহা এটা সুঁতিয়ে সৃষ্টি কৰা খহনীয়াৰ ফলত অঞ্চলটোৰ বহু ৰাইজৰ খেতি-মাটি নৈৰ বুকুত জাহ হৈছে। সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক উৎপল বৰাৰ সৈতে কালি সেই স্থান পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীহাজৰিকাই সুঁতিটো ৭টা স্থানত পর্যায়ক্রমে বন্ধ কৰি এলেকাটোত খহনীয...

June 14, 2024 6:41 PM

views 75

ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈ খহনীয়া পৰিদৰ্শন কৰে। এই স্থানকেইটা পৰিদৰ্শন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। তদুপৰি তেওঁ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। এই পৰিদৰ্শন কালত বিধায়ক জিতু গোস্বামী, শশীকান্ত দাসকে ধৰি লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

June 13, 2024 6:54 PM

views 60

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াৰ বুজ লয়। তেওঁ বিশেষকৈ মোহনাঘাট, মাটিকটা, আইথান আৰু বগীবিলৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। খৰালী অহাৰ পূৰ্বেই খহনীয়া অব্যাহত হৈ থকা অঞ্চলসমূহত কেইবাখনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আজি অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰমে নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ধেমাজি, জোনাই ভূমি সংৰক্ষণ সংমণ্ডলৰ অধীনত উত্তৰ নলবাৰী অঞ্চলত ৰূপায়িত হৈ থকা খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম পৰিদৰ্শন কৰ...

June 12, 2024 6:13 PM

views 57

তৃতীয় লিংগ কল্যাণ বোর্ডৰ বৈঠকত মন্ত্ৰী পীযূষ হাজৰিকাৰ অংশগ্ৰহণ

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই গুৱাহাটীত আজি তৃতীয় লিংগ কল্যাণ বোর্ডৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তৃতীয় লিংগৰ লোকে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা সন্দৰ্ভত আলোচনা কৰা হয়। এই লোকসকলক পৰিচয় পত্ৰ প্ৰদানকে ধৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মন্ত্ৰী শ্ৰীহাজৰিকাই উল্লেখ কৰে। ৰাজ্য চৰকাৰে বিভিন্ন সময়ত তৃতীয় লিংগৰ লোকসকলক সুৰক্ষাৰ ব্যৱস্থা কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে। আজিৰ এই সভাত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত স...

June 1, 2024 2:11 PM

views 66

বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

♦ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় বিষয়া তথা অভিযন্তাক প্রয়োজনীয় নির্দেশনা প্রদানৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যে কয় যে, বৰাক উপত্যকাত হোৱা বানৰ তাৎক্ষণিক কাৰকবোৰ জানিবলৈ জলসম্পদ বিভাগৰ পৰা প্ৰয়াস কৰি থকা হৈছে আৰু বান বোধিবলৈ সম্ভৱপৰ সকলো কাম পর্যায়ক্রমে কৰা হ'ব। বৰাক উপত্যকাত এতিয়ালৈকে ৭টা মথাউৰি ভঙাৰ লগতে বানপীড়িতৰ বাবে কাছাৰত ৭৩টা,...

May 13, 2024 11:26 AM

views 65

কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি জাগীৰোড বিধানসভা সমষ্টিৰ তেলাহীৰ পৰা ৰহা বিধানসভা সমষ্টিৰ জোঙালবলহু গড়লৈকে কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ৰহা চকী অঞ্চলৰ কলং নৈৰ সোঁকাষৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ অভিযন্তাৰ সৈতে আলোচনা কৰি শীঘ্ৰেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। প্রায় ৪১ কোটি ৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিয়ে নগাঁও জিলাৰ এটা বৃহৎ অঞ্চলক কলং ন...