ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই মৰিগাওঁ জিলাৰ জাগীৰোডৰ নেলী গাওঁ পঞ্চায়তত গোপালকৃষ্ণ চাহ বাগিছাত আজি জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাসী আঁচনিৰ অধীনত এই কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। আজিৰ কাৰ্যসূচীত ৰহাৰ বিধায়ক শশীকান্ত দাস, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতিৰ লগতে পৰিষদৰ একাংশ সদস্য উপস্থিত থাকে।
Assamese | August 23, 2024 6:53 PM | Pijush Hazarika
নেলীত জগন্নাথ ৰাজহুৱা ভৱন, দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ