ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰাৰ নিৰ্মীয়মান শুইচ গেট সংলগ্ন মথাউৰিৰ চিগা অংশ আৰু কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধটো পৰিদৰ্শন কৰে। তেওঁ পৰিস্থিতি অধ্যয়ন কৰি এই বান্ধটো অধিক মজবুত কৰি সুৰক্ষিত কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ ১৫ আগষ্টৰ পূৰ্বে আদায় দিয়া হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা ২ জুলাইত এই শুইচ গেটৰ বান্ধ ভাঙি কলংমুখেৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই আহি কলিয়াবৰ ৰাজহ চক্ৰৰ ৫৮খনকৈ ৰাজহ গাঁও প্লাৱিত কৰিছিল।
Assamese | August 2, 2024 6:08 PM | Assam Flood | Nagaon | Pijush Hazarika
কলিয়াবৰৰ হাতীমূৰাৰ নিৰ্মীয়মান শুইচ গেট সংলগ্ন মথাউৰিৰ চিগা অংশ আৰু কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধ পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ