জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কৰিমগঞ্জৰ বদৰপুৰ ঘাটত জলসম্পদ বিভাগৰ এখন শ্লুইছ গেট পৰিদৰ্শন কৰে। বৰাক নদীৰ বাঢ়নি পানীয়ে এই স্থানত সমস্যাৰ সৃষ্টি কৰি অহাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী শ্ৰী হাজৰিকাই জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক জৰুৰীকালীনভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ শ্রীগৌৰীত বৰাক নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে। বৰাক নদীৰ খহনীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতি কৰাৰ ফলত পথটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। সেয়ে, এই স্থানত জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে তৎপৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। খহনীয়া হোৱা স্থানত জলসম্পদ বিভাগে ৫০০ মিটাৰ দৈৰ্ঘ্যৰ স্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ কাম হাতত ল’ব বুলি তেওঁ প্রতিশ্রুতি দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক কৌশিক ৰায়, কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ আৰু কমলাক্ষ দে’ পুৰকায়স্থই সহযোগ কৰে।
Assamese | June 23, 2024 7:11 PM | Pijush Hazarika
জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতি আৰু খহনীয়া পৰিদৰ্শন