December 3, 2025 11:12 AM

views 79

২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। ১২ খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ পাছতে এই কাম আৰম্ভ কৰা হ'ব। কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ প্ৰথম পৰ্যায় আৰু ২০২৭ চনৰ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল কৰা হ'ব। লোকপিয়লৰ ভিত্তি তাৰিখ ২০২৭ চনৰ ১ মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰা হ'ব

December 1, 2025 12:42 PM

views 57

সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়: প্ৰধানমন্ত্ৰী

সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হৈছে। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সকলো সদস্যই সুস্থ গণতান্ত্ৰিক পৰম্পৰা বজাই ৰাখি আলোচনাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সংসদৰ শীতকালীন অধিৱেশন অৰ্থৱহ আৰু ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়। ...

December 1, 2025 10:25 AM

views 76

আজিৰে পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ

● সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হ'ব। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প'ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক ২০২৫ আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিবেশনত ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক ...

November 30, 2025 6:36 PM

views 49

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। অধিৱেশনৰ পূৰ্বে আজি সংসদ ভৱনত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৩৬টা ৰাজনৈতিক দলৰ ৫০জন নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ইতিবাচক পৰিবেশত এই বৈঠক অনুষ্ঠিত হয় আৰু চৰকাৰে সংসদীয় শীতকালীন অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। এইবাৰৰ অধিৱেশনত যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা ...

November 30, 2025 12:30 PM

views 53

১ নৱেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সংসদৰ শীতকালিন অধিবেশন

সংসদৰ শীতকালিন অধিবেশন কাইলৈ আৰম্ভ হ'ব। ১৯ ডিচেম্বৰত এই অধিৱেশনৰ সামৰণি পৰিব। অধিৱেশৰ পূৰ্বে চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন হোৱাতো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব। ১৯ ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অধিবেশনৰ সময়ছোৱাত আলোচনা আৰু বিবেচনাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদ...

November 29, 2025 10:42 PM

views 51

সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ

■ সোমবাৰে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰাক ক্ষণত আকশবাণীৰ বাতৰি সেৱা বিভাগে এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত "Issues Before Parliament" হিন্দীত এই অনুষ্ঠান "Sansad Ke Samaksh Mudde". শিৰোনামেৰে প্ৰচাৰ কৰা হ'ব। ইংৰাজী ভাষাত অনুষ্ঠানটো আকাশবাণী ৰেইন বো চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি প্ৰচাৰ কৰা হ'ব। লগতে হিন্দী ভাষাত এই অনুষ্ঠানটো আকাশবাণীৰ এফ এম গ'ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান কাইলৈ ৰাতি ৯.৩০ বজাৰ পৰা ১০ বজালৈ প্ৰচাৰ কৰা হ'ব। শ্ৰো...

November 10, 2025 8:05 PM

views 65

সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব

অহা ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে হ'বলগীয়া সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কোহিমাত আজি বিয়লি কমনৱেল্থ সংসদীয় সংস্থাৰ ২২ সংখ্যক সন্মিলনত ভাগ লৈ সংবাদ মাধ্যমৰ আগত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইকথা প্ৰকাশ কৰে। শ্ৰীবিলাই সংসদৰ মৰ্যাদা আৰু নিয়মানুৱৰ্তিতা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সংসদক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দি কয় যে ইয়াৰ আলোচনা তথা গঠনমূলক বিতৰ্কত জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হোৱা আৰু ৰাষ্ট্ৰৰ ...

November 9, 2025 10:58 AM

views 64

পহিলা ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন

সংসদৰ শীতকালীন অধিৱেশন পহিলা ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে সন্মিলনত ১৯ ডিচেম্বৰলৈকে চলিবলগীয়া অধিৱেশনৰ প্ৰস্তাৱত সন্মতি প্রকাশ কৰিছে।

August 21, 2025 5:01 PM

views 67

লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয়, যে যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত ১৪ খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ ১২ খন বিধেয়ক গৃহীত হয়। তেওঁ কয়, যে অধিৱেশনৰ সময়ছোৱাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত দুদিনীয়া বিশেষ আলোচনা অনুষ্ঠিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰেৰে এই আলোচনাৰ সামৰণি পৰে। লোকসভাত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সাফল্য সম্...

August 20, 2025 8:47 PM

views 39

লোকসভাত অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫ গৃহীত

লোকসভাত আজি অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ই-ক্রীড়া আৰু অনলাইন ছ'চিয়েল গেমসমূহত উৎসাহ যোগোৱাৰ বিপৰীতে ধনৰ বিনিময়ত প্ৰদান কৰা ক্ষতিকাৰক অনলাইন গেমিং সেৱা, বিজ্ঞাপন আৰু এনে খেলৰ সৈতে জড়িত বিত্তীয় লেন-দেন নিষিদ্ধ কৰিব খোজা হৈছে। বিধেয়কখনত সমন্বিত নীতিগত সহযোগিতা, ৰণনীতিৰ বিকাশ আৰু  খণ্ডটোৰ নিয়ন্ত্ৰণৰ বাবে অনলাইন গেমিং প্ৰাধিকৰণ নিযুক্তিৰ ব্যৱস্থা আছে। এই খেলসমূহৰ সৈতে জড়িত বিৰূপ প্ৰভাৱৰ পৰা বিশেষকৈ যুৱ-প্ৰজন্ম আৰু সহজেই বলি হ'ব পৰা লোকসকলক ...