■ সোমবাৰে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ’ব। অধিৱেশনৰ প্ৰাক ক্ষণত আকশবাণীৰ বাতৰি সেৱা বিভাগে এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত “Issues Before Parliament” হিন্দীত এই অনুষ্ঠান “Sansad Ke Samaksh Mudde”. শিৰোনামেৰে প্ৰচাৰ কৰা হ’ব। ইংৰাজী ভাষাত অনুষ্ঠানটো আকাশবাণী ৰেইন বো চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি প্ৰচাৰ কৰা হ’ব। লগতে হিন্দী ভাষাত এই অনুষ্ঠানটো আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান কাইলৈ ৰাতি ৯.৩০ বজাৰ পৰা ১০ বজালৈ প্ৰচাৰ কৰা হ’ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব। ০০০ ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব।
Assamese | November 29, 2025 10:42 PM | Akashvani | Akashvani News | Parliament House | Parliament Session
সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ