February 18, 2025 12:18 PM

views 47

আজি পৰীক্ষা পে চৰ্চা ২০২৫ৰ নতুন সংস্কৰণ মুকলি

পৰীক্ষা পে চৰ্চা ২০২৫ৰ নতুন সংস্কৰণ আজি মুকলি কৰা হয়। এই সংস্কৰণত বিভিন্ন পৰীক্ষাত শীর্ষস্থান দখল কৰা কেইবাগৰাকীও ব্যক্তিয়ে পৰীক্ষাৰ মানসিক চাপ, উদ্বেগ আৰু হেঁচা হ্ৰাস কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ মনোভাৱ ব্যক্ত কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত এই বিষয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি কয়, যে পৰীক্ষা পে চৰ্চাৰ এই খণ্ডটোত বিভিন্ন পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলে পৰীক্ষাৰ মানসিক চাপ আৰু উদ্বেগক কেনেদৰে সফলতাৰে অতিক্ৰম কৰিব পাৰি সেই বিষয়ে ত...

February 10, 2025 7:03 PM

views 65

পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত অসমৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত মানসিক চাপ আৰু উদ্বেগৰ পৰা কেনেদৰে হাত সাৰিব পাৰে সেই বিষয়ত আলোকপাত কৰে। পৰিপুষ্টি আৰু সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে প্ৰয়োজন সাপেক্ষে জিৰণি লোৱাটো প্ৰয়োজন। তেওঁ লগতে শিক্ষার্থীসকলক চাপমুক্ত হৈ থকাৰ বাবেও বিভিন্ন পৰামৰ্শ আগবঢ়ায়। পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত আজি দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অং...

February 10, 2025 12:50 PM

views 52

পৰীক্ষাৰ পূৰ্ৱে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। খন্তেক সময় পূৰ্বে সমাপ্ত হোৱা তথা আজি দিনৰ ১১ বজাৰ পৰা প্ৰচাৰ কৰা এই অনুষ্ঠানত নিউ গুৱাহাটী ৰে’লৱে কলনী হাইস্কুল, নিউ গুৱাহাটী আদর্শ হাইস্কুল, নুনমাটি হাইস্কুল, কোকৰাঝাৰৰ মাজালিপাৰা এম ভি স্কুল, গোৱালপাৰা নটসূৰ্য ফণী শৰ্মা ভৱন আদিত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন জিলাত এই অনুষ্ঠান পৰ্দাৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা ক...

February 10, 2025 11:06 AM

views 87

পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্রধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ পূৰ্বে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰস্তুতি আৰু মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া পৰীক্ষা পে চৰ্চাৰ এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউ টিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্য...

January 15, 2025 10:18 AM

views 31

পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণত ৩ কোটি ২৫ লাখ ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ নাম পঞ্জীয়ন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে এই বছৰ অভিলেখ সংখ্যক ৩ কোটি ২৫ লাখ ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে নাম পঞ্জীয়ন কৰিছে। নাম পঞ্জীয়ন কৰা সকলৰ ভিতৰত একাংশ বিদেশী শিক্ষার্থীও আছে আৰু ইয়াৰ ফলত এই কাৰ্যসূচীৰ গৰিমা বৃদ্ধি পাইছে। পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ ১২ জানুৱাৰীৰ পৰা বিদ্যালয় পৰ্যায়ত আৰম্ভ হৈছে আৰু ২৩ জানুৱাৰীত ইয়াৰ সামৰণি পৰিব।

January 9, 2025 8:56 PM

views 47

পৰীক্ষা পে চৰ্চা ২০২৫ৰ অষ্টম সংস্কৰণৰ বাবে ২ কোটি ৭০ লাখৰো অধিক পঞ্জীয়ন

পৰীক্ষা পে চৰ্চা ২০২৫ৰ অষ্টম সংস্কৰণৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ পৰা ২ কোটি ৭০ লাখৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছে। অনলাইন পঞ্জীয়নৰ বাবে যোৱা মাহৰ ১৪ তাৰিখে মুকলি কৰা মাই গভ পোৰ্টেলটো চলিত মাহৰ ১৪ তাৰিখলৈ খোলা থাকিব। শিক্ষা মন্ত্রালয়ে জনায় যে পৰীক্ষা সম্পৰ্কীয় মানসিক চাপক শিক্ষণ আৰু উদযাপনৰ উৎসৱলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধবজাবাহী কাৰ্যসূচী পৰীক্ষা পে চৰ্চাই দেশজোৰা আন্দোলন হিচাপে আগবাঢ়ি গৈছে। এই কৰ্যসূচীৰ ব্যাপক জনপ্রিয়তাই ছাত্ৰ-ছ...