পৰীক্ষা পে চৰ্চা ২০২৫ৰ নতুন সংস্কৰণ আজি মুকলি কৰা হয়। এই সংস্কৰণত বিভিন্ন পৰীক্ষাত শীর্ষস্থান দখল কৰা কেইবাগৰাকীও ব্যক্তিয়ে পৰীক্ষাৰ মানসিক চাপ, উদ্বেগ আৰু হেঁচা হ্ৰাস কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ মনোভাৱ ব্যক্ত কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত এই বিষয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয়, যে পৰীক্ষা পে চৰ্চাৰ এই খণ্ডটোত বিভিন্ন পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলে পৰীক্ষাৰ মানসিক চাপ আৰু উদ্বেগক কেনেদৰে সফলতাৰে অতিক্ৰম কৰিব পাৰি সেই বিষয়ে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব।
Assamese | February 18, 2025 12:18 PM | pariksha pa sarsha
আজি পৰীক্ষা পে চৰ্চা ২০২৫ৰ নতুন সংস্কৰণ মুকলি