প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত মানসিক চাপ আৰু উদ্বেগৰ পৰা কেনেদৰে হাত সাৰিব পাৰে সেই বিষয়ত আলোকপাত কৰে। পৰিপুষ্টি আৰু সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে প্ৰয়োজন সাপেক্ষে জিৰণি লোৱাটো প্ৰয়োজন। তেওঁ লগতে শিক্ষার্থীসকলক চাপমুক্ত হৈ থকাৰ বাবেও বিভিন্ন পৰামৰ্শ আগবঢ়ায়। পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত আজি দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত এই অনুষ্ঠান পৰ্দাৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। এই প্ৰদৰ্শনত সংশ্লিষ্ট অঞ্চলৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, শিক্ষাৰ্থী আৰু অভিভাৱকে ভাগ লয়। গোলাঘাট জিলাৰ তিনিখন বিদ্যালয়ৰ প্রায় ৩০০ ছাত্র-ছাত্রীয়ে এই কাৰ্যসূচীত অংশ লয়।
উল্লেখযোগ্য যে এইবাৰৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ গৰাকী শিক্ষার্থীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে।
Assamese | February 10, 2025 7:03 PM | narendra modi | pariksha pa sarsha | PARIKSHA PE CHARCHA | PMO India
পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত অসমৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ