■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্রধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ পূৰ্বে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰস্তুতি আৰু মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ’বলগীয়া পৰীক্ষা পে চৰ্চাৰ এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউ টিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ’ব। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ ৩৬ গৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব।পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত বিশেষ ক্রিনিঙৰ দ্বাৰা প্ৰদৰ্শিত কৰা হ’ব। এই প্ৰদৰ্শনত সংশ্লিষ্ট অঞ্চলৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, শিক্ষাৰ্থী আৰু অভিভাৱক উপস্থিত থাকিব।
Assamese | February 10, 2025 11:06 AM | narendra modi | pariksha pa sarsha | PMO India
পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়