পৰীক্ষা পে চৰ্চা ২০২৫ৰ অষ্টম সংস্কৰণৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ পৰা ২ কোটি ৭০ লাখৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছে। অনলাইন পঞ্জীয়নৰ বাবে যোৱা মাহৰ ১৪ তাৰিখে মুকলি কৰা মাই গভ পোৰ্টেলটো চলিত মাহৰ ১৪ তাৰিখলৈ খোলা থাকিব। শিক্ষা মন্ত্রালয়ে জনায় যে পৰীক্ষা সম্পৰ্কীয় মানসিক চাপক শিক্ষণ আৰু উদযাপনৰ উৎসৱলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধবজাবাহী কাৰ্যসূচী পৰীক্ষা পে চৰ্চাই দেশজোৰা আন্দোলন হিচাপে আগবাঢ়ি গৈছে। এই কৰ্যসূচীৰ ব্যাপক জনপ্রিয়তাই ছাত্ৰ-ছাত্ৰীৰ মানসিক সুস্থতা আৰু পৰীক্ষাৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলাৰ কথাই আলোকপাতকৰে।
Assamese | January 9, 2025 8:56 PM | pariksha pa sarsha
পৰীক্ষা পে চৰ্চা ২০২৫ৰ অষ্টম সংস্কৰণৰ বাবে ২ কোটি ৭০ লাখৰো অধিক পঞ্জীয়ন