April 11, 2025 6:54 PM

views 61

হিংসাত্মক প্ৰতিবাদ সাব্যস্তৰ গোচৰত চিকিৎসা উদ্যোগী তথা ৰাজনৈতিক কর্মী দুর্গা প্রচাইক গ্ৰেপ্তাৰ নেপাল আৰক্ষীৰ

নেপাল আৰক্ষীয়ে চিকিৎসা উদ্যোগী তথা ৰাজনৈতিক কর্মী দুর্গা প্রচাইক হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৮ মাৰ্চত তিনকোনিত হিংসাত্মক প্ৰতিবাদৰ পাছৰে পৰা তেওঁ পলাতক অৱস্থাত আছিল। এই প্ৰতিবাদত দুজন লোকৰ মৃত্যু হোৱাৰ উপৰি কেইবাটাও অট্টালিকা আৰু ব্যক্তিগত সা-সম্পত্তি ক্ষতিগ্ৰস্ত হৈছিল। আৰক্ষীয়ে শ্ৰী প্ৰচাইক ঝাপাৰ ভদ্ৰপুৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰি তদন্তৰ বাবে কাঠমাণ্ডুলৈ লৈ আনে। দুৰ্গা প্ৰচাইৰ লগতে আৰক্ষীয়ে তেওঁৰ সহযোগী দীপক খাৰাকো গ্ৰেপ্তাৰ কৰে৷

April 9, 2025 3:12 PM

views 70

কাঠমাণ্ডুত BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

● নেপালৰ কাঠমাণ্ডুত আজি BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভূটানৰ কৃষিমন্ত্ৰী লিয়নপো য়ওনটেন ফুণ্টচ’ৱে এই বৈঠকত অংশগ্ৰহণৰ বাবে কালি সন্ধিয়া কাঠমাণ্ডুলৈ ৰাওনা হৈছে। আজিৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত ইয়াৰ পূৰ্বে কাঠমাণ্ডুত সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। আজিৰ বৈঠকত BIMSTEC ৰ সদস্যভুক্ত ৭ খন ৰাষ্ট্ৰৰ তিনিখনৰ কৃষিমন্ত্ৰীসকলে সোঁশৰীৰে ভাগ লোৱাৰ লগতে অন্যান্য ৰাষ্ট্ৰৰ কৃষি...

December 19, 2024 12:30 PM

views 100

তিনিদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতত উপস্থিত হব আৰ্জু ৰাণা দেউবা

নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰ্জু ৰাণা দেউবা আজি তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হ'ব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে এটা চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষাও কৰোৱাব। নতুন দিল্লীত তেওঁ ইগ্ৰ ফাউণ্ডেছন আৰু কাঠমাণ্ডু বিশ্ববিদ্যালয়ৰ নেপাল চেণ্টাৰ ফ'ৰ কণ্ট্ৰেম্পৰাৰী ষ্টাডিজে যুটীয়াভাৱে আয়োজন কৰা ভাৰত-নেপাল সন্মিলনত মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰিব। কাইলৈ অনুষ্ঠিত হ'বলগীয়া সন্মিলনখনৰ মূল উদ্দেশ্য হৈছে— ভাৰতৰ অৰ্থনৈতিক বিকাশৰ প্ৰদৰ্শন, আঞ্চলিক সহযোগিতাৰ প্ৰসাৰ আৰু দেশসমূহৰ...

December 11, 2024 2:33 PM

views 52

নেপাল পর্যটন ব’ৰ্ডৰ সহযোগত কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন

কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপাল পর্যটন ব'ৰ্ডৰ সহযোগত কালি প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন কৰে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ প্ৰচাৰ আৰু ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিক পৰ্যটন ব্যৱস্থাক লাভান্বিত কৰিবলৈ সংযোগ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। নেপাল চৰকাৰৰ সাংস্কৃতিক, পর্যটন আৰু অসামৰিক বিমান পৰিবহণৰ ৰাজ্য মন্ত্ৰী অৰুণ কুমাৰ চৌধুৰীয়ে অধিৱেশন উদ্বোধন কৰে। উদ্বোধনী ভাষণত নেপাল পর্যটন ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ৰাজ যোশীয়ে ভাৰত, নেপাল অভিমুখী বিদেশী পৰ্য...

October 4, 2024 2:48 PM

views 95

ভাৰত, নেপাল আৰু বাংলাদেশৰ মাজত পাৱাৰগ্ৰীডৰ জৰিয়তে নেপালৰ পৰা বাংলাদেশলৈ ৪০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰাৰ বাবে ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ

ভাৰত, নেপাল আৰু বাংলাদেশে ভাৰতৰ পাৱাৰগ্ৰীডৰ জৰিয়তে নেপালৰ পৰা বাংলাদেশলৈ ৪০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰাৰ বাবে ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে। কালি কাঠমাণ্ডুত স্বাক্ষৰিত এই ত্রিপাক্ষিক চুক্তিৰ ফলত নেপাল প্রথম বাৰৰ বাবে বাংলাদেশক বিদ্যুৎ বিক্ৰী কৰিবলৈ সক্ষম হ'ব। ইয়াৰ আগতে নেপালে কেৱল ভাৰতলৈ বিদ্যুৎ ৰপ্তানি কৰি আহিছে। এই চুক্তিয়ে নেপালৰ বিদ্যুৎ শক্তি ভাৰতীয় ভূখণ্ডলৈ ৰপ্তানিৰ জৰিয়তে দুয়োখন দেশৰ মাজত বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। চুক্তি অনুসৰি ভাৰতে বাংলাদেশলৈ একে প...

June 13, 2024 4:41 PM

views 75

কাঠমাণ্ডুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

নেপালৰ কাঠমাণ্ডুৱে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মেলাখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন, বহনক্ষম উন্নয়ন আৰু সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিছে। কাইলৈ আৰম্ভ হ'বলগীয়া মেলাখনত ১৬ খন দেশৰ পৰা কেইবাগৰাকী উদ্যোগপতিয়ে ভাগ ল'ব। অংশগ্ৰহণকাৰী দেশসমূহ হ'ল - ভাৰত, নেপাল, কোৰিয়া, টাইৱান, ছিংগাপুৰ, মালদ্বীপ, আমেৰিকা যুক্তৰাষ্ট্ৰ, নেডাৰলেণ্ড, শ্রীলংকা, চীন, থাইলেণ্ড, ডুবাই, বাংলাদেশ, ভিয়েটনাম, মালয়েছিয়া আৰু ভূটান। মেলাখনত বিভিন্ন দেশৰ পৰা ডেৰশ খনতকৈ অধিক সামগ...