December 19, 2024 12:30 PM | Nepal

printer

তিনিদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতত উপস্থিত হব আৰ্জু ৰাণা দেউবা

নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰ্জু ৰাণা দেউবা আজি তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হ‘ব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে এটা চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষাও কৰোৱাব।

নতুন দিল্লীত তেওঁ ইগ্ৰ ফাউণ্ডেছন আৰু কাঠমাণ্ডু বিশ্ববিদ্যালয়ৰ নেপাল চেণ্টাৰ ফ‘ৰ কণ্ট্ৰেম্পৰাৰী ষ্টাডিজে যুটীয়াভাৱে আয়োজন কৰা ভাৰত-নেপাল সন্মিলনত মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰিব। কাইলৈ অনুষ্ঠিত হ‘বলগীয়া সন্মিলনখনৰ মূল উদ্দেশ্য হৈছে— ভাৰতৰ অৰ্থনৈতিক বিকাশৰ প্ৰদৰ্শন, আঞ্চলিক সহযোগিতাৰ প্ৰসাৰ আৰু দেশসমূহৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে ভ্রমণ সামৰি কাঠমাণ্ডুলৈ উভতি যোৱাৰ কথা।