■ নেপালত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত দেশখনত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিককে প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে চৰকাৰ-প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নির্দেশনা মানি চলিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীয়ে নেপালৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টিৰে নজৰ ৰাখি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে দেশখনৰ এই পৰিস্থিতিত হোৱা প্ৰাণহানিৰ ঘটনাসমূহক লৈ দুখ ব্যক্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে সংশ্লিষ্ট সকলো পক্ষকে শান্তিপূৰ্ণ পদ্ধতি আৰু আলাপ-আলোচনাৰ মাজেৰে সমস্যাসমূহৰ সমাধানৰ পথ উলিয়াবলৈ আহ্বান জনাইছে।
Assamese | September 9, 2025 2:46 PM | Akashvani News | India Govt. | Nepal
নেপালত ভাৰতীয় নাগৰিকক প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ