নেপালৰ কাঠমাণ্ডুৱে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মেলাখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন, বহনক্ষম উন্নয়ন আৰু সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিছে। কাইলৈ আৰম্ভ হ’বলগীয়া মেলাখনত ১৬ খন দেশৰ পৰা কেইবাগৰাকী উদ্যোগপতিয়ে ভাগ ল’ব। অংশগ্ৰহণকাৰী দেশসমূহ হ’ল – ভাৰত, নেপাল, কোৰিয়া, টাইৱান, ছিংগাপুৰ, মালদ্বীপ, আমেৰিকা যুক্তৰাষ্ট্ৰ, নেডাৰলেণ্ড, শ্রীলংকা, চীন, থাইলেণ্ড, ডুবাই, বাংলাদেশ, ভিয়েটনাম, মালয়েছিয়া আৰু ভূটান। মেলাখনত বিভিন্ন দেশৰ পৰা ডেৰশ খনতকৈ অধিক সামগ্ৰীৰ বিপণী থাকিব। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বহনক্ষম পৰ্যটনৰ ক্ষেত্ৰত এই মেলাখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
Assamese | June 13, 2024 4:41 PM | Kathmandu tourism | Nepal | Tourism
কাঠমাণ্ডুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ