May 31, 2024 7:17 PM

views 62

ৰীমাল ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গত ৰীমাল ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্য্যোগৰ ঘটনাসমূহৰ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীমোদীয়ে প্ৰাকৃতিক দুৰ্য্যোগৰ দ্বাৰা প্ৰভাৱিত প্ৰতিগৰাকী ব্যক্তিৰ বাবে তেওঁ যথেষ্ট চিন্তান্বিত বুলি প্ৰকাশ কৰে। বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত সজাগ দৃষ্টি ৰখা বুলি মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰভাৱিত ৰাজ্যসমূহলৈ সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও শ্রীমোদীয়ে লগতে কয়।

May 31, 2024 11:35 AM

views 52

কন্যাকুমাৰীস্থিত বিবেকানন্দ স্মৃতিসৌধত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধ্যান আৰম্ভ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়াৰে পৰা কন্যাকুমাৰীস্থিত বিবেকানন্দ স্মৃতিসৌধত ধ্যান আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ব'ৰ চহৰৰ ভাগৱতী আম্মান মন্দিৰ দৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীক এই মন্দিৰত পূৰ্ণ কুম্ভ সন্মান প্ৰদান কৰা হয়। ইয়াৰ পিছত তেওঁ এম.এল.বিবেকানন্দ জাহাজেৰে বংগোপসাগৰত অৱস্থিত বিবেকানন্দ স্মৃতিসৌধত উপস্থিত হয়। শ্ৰী মোডীয়ে ১ জুনলৈকে সেই স্থানতে ধ্যানত মগ্ন হ'ব। ধ্যান শেষ হোৱাৰ পিছত তেওঁ বিবেকানন্দ শিলৰ সমীপত অৱস্থিত ১৩৩ ফুট উচ্চতাৰ তি...

May 30, 2024 2:18 PM

views 63

কন্যাকুমাৰীৰ বিবেকানন্দ ৰ’ক মেম’ৰিয়েলত প্রধানমন্ত্ৰী মোদীয়ে আজি ৪৫ ঘণ্টীয়া ধ্যানত বহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কন্যাকুমাৰীৰ বিবেকানন্দ ৰ'ক মেম'ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যানত বহিব। ইতিমধ্যে প্রধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে ২ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে আনুসংগিক প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শ্রীমোদীয়ে আজি সন্ধিয়াৰ পৰা ১ জুনৰ বিয়লি ৩ বজালৈ ধ্যানত বহিব বুলি জিলা প্রশাসনে জানিবলৈ দিছে। উল্লেখ্য যে, প্রধানমন্ত্ৰীগৰাকীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পাছতো কেদাৰনাথৰ গুহাত ধ্যানত বহিছিল।

May 30, 2024 1:18 PM

views 62

কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোডী চৰকাৰ গঠন হ’বঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোডীয়ে কালি ওড়িশাত নির্বাচনী প্ৰচাৰ চলায়। শ্রীমোডীয়ে ময়ুগঞ্জ লোকসভা সমষ্টিৰ বড়ীপদাত, বালাছোৰ লোকসভা সমষ্টিৰ ৰেমু নাথ আৰু কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ বাৰুৱাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগ, ঝাৰখণ্ড আৰু ওড়িশাৰ ভোটদাতাসকলৰ আনন্দ আৰু উৎসাহ প্ৰত্যক্ষ কৰি তেওঁ কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোডী চৰকাৰ গঠন হ’ব বুলি নিশ্চিত হৈছে। ইপিনে, কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খার্গেই কালি বালাছোৰত এখন জনসভাক সম...

May 28, 2024 5:25 PM

views 75

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱা বুলি প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে অভিযোগ তুলিছে। এটা বাতৰি যোগান প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে বিৰোধী দলটোৱে ভোটবেংকৰ ৰাজনীতিৰ বাবে সংবিধানৰ বুনিয়াদী নীতি উলংঘা কৰিছে। শ্রী মোদীয়ে কয় যে তেওঁ অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক কংগ্ৰেছে যে তেওঁলোকৰ সৈতে প্ৰবঞ্চনা কৰি আছে, সেই বিষয়ে অৱগত কৰিব খোজে। শ্রী মোদীয়ে কয় যে তেওঁ এই লোকসকলক অধিকাৰৰ সুৰক্ষাৰ বাবে যুঁজ দি যাব। বিৰ...

May 28, 2024 4:27 PM

views 47

স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রী মোদীয়ে কৈছে যে মাতৃভূমিৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰা বীৰ সাৱৰকাৰ সদায় দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।

May 25, 2024 5:32 PM

views 74

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি গাজিপুৰ সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থী পৰশনাথ ৰাইৰ হৈ প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ লগতে দলটোৰ নেতা ডিম্পল যাদৱ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বাৰানসীত আজি ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই সমষ্টিটোত কংগ্ৰেছৰ অজয় ৰায় প্...

May 25, 2024 5:06 PM

views 81

বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা মোদীৰ

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী জোঁট ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাবাদী আৰু পৰিয়ালতান্ত্রিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। বিহাৰৰ পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ বিক্ৰামত এখন জনসভাত ভাষণ দি শ্ৰী মোদীয়ে বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা কৰে। তেওঁ কয় যে, কংগ্ৰেছ, সমাজবাদী পার্টী, নেচনেল কনফাৰেন্স, জে ডি, এন চি পি আৰু আপৰ দৰে সুবিধাবাদী দলসমূহে প্রধানমন্ত্ৰীৰ পদবীক মিউজিকেল চেয়াৰত পৰিণত কৰিব বিচাৰ...

May 11, 2024 2:26 PM

views 80

কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত আজি পুৱা এখন নির্বাচনী সমাবেশত ভাষণ দি শ্রী মোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই এই নিৰ্বাচনত ৪০০ খনতকৈও অধিক লোকসভা আসনত জয়ী হ'ব আৰু কংগ্ৰেছে কেৱল ৫০ খন আসনতহে জয়লাভ কৰিব পাৰিব। তেওঁ কয় যে, কংগ্ৰেছৰ দুৰ্বল ভাবধাৰাৰ বাবেই জম্মু- কাশ্মীৰৰ জনসাধাৰণে দশক দশক জুৰি সংগ্ৰা...

May 9, 2024 5:25 PM

views 43

মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে, মহাৰাণা প্রতাপৰ জীৱনটোক সাহস, আত্মসন্মান আৰু শৌর্যৰ প্ৰতীক বুলি অভিহিত কৰি কয় যে, তেওঁৰ এই গুণাৱলীয়ে দেশবাসীক আজিও অনুপ্ৰাণিত কৰি আহিছে।