প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গত ৰীমাল ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্য্যোগৰ ঘটনাসমূহৰ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীমোদীয়ে প্ৰাকৃতিক দুৰ্য্যোগৰ দ্বাৰা প্ৰভাৱিত প্ৰতিগৰাকী ব্যক্তিৰ বাবে তেওঁ যথেষ্ট চিন্তান্বিত বুলি প্ৰকাশ কৰে। বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত সজাগ দৃষ্টি ৰখা বুলি মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰভাৱিত ৰাজ্যসমূহলৈ সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও শ্রীমোদীয়ে লগতে কয়।
Assamese | May 31, 2024 7:17 PM | Modi | narendra modi | PMO India
ৰীমাল ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰীৰ উদ্বেগ প্রকাশ