May 20, 2024 9:03 PM

views 46

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা, ৰোড শ্ব’ আদিৰে ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি পশ্চিমবংগৰ ঝাৰগ্ৰামত এটা ৰেলীত অংশ লয়। ইয়াৰ পূৰ্বে তেওঁ ওড়িশাৰ আংগুল আৰু কটকত দুখন জনসভা সম্বোধন কৰে। শ্ৰীমোদীয়ে কয় যে, কটক হৈছে ভাৰতৰ এখন পূৰণি চহৰ আৰু আধুনিক শিক্ষাৰ কেন্দ্ৰ। তেওঁ ৰাজ্যখনত বিজেপি শাসনলৈ আহিলে ধ...

May 20, 2024 6:49 PM

views 43

লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ, প্ৰধানমন্ত্ৰী মোদীৰ কেইবাটাও সমদলত অংশগ্ৰহণ

লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে ৰাজ্যসমূহত ৰাজহুৱা সভা আৰু ৰোড শ্ব’ত অংশগ্রহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলক উৎসাহিত কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগত আজি কেইবাটাও সমদলত অংশগ্রহণ কৰে। ওড়িশাৰ পুৰীত আজি শ্ৰী মোদীয়ে এটা ৰোড শ্ব'ত ভাগ লয়। ইয়াৰ পাছতে তেওঁ উদ্যোগিক চহৰ অংগুলত এখন ৰাজহুৱা সভা সম্বোধন কৰে। শ্ৰী মোদীয়ে কয় যে প্রাকৃতিক সম্পদত চহকী হোৱা সত্ত্বেও ওড়িশাৰ লোকসকলে দ...

May 19, 2024 7:08 PM

views 60

ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ জামছেদপুৰত দলৰ প্ৰাৰ্থী বিদ্যুৎ বৰণ মাহাতোৰ হৈ প্ৰচাৰ চলায়। এইবাৰৰ লোকসভা নির্বাচনে দেশৰ বৰ্তমান আৰু ভৱিষ্যত শক্তিশালী কৰি তুলিব বুলি শ্রী মোদীয়ে দাবী কৰে। তেওঁ দেশৰ উন্নয়নৰ বাবে ব্যৱসায়ীসকল অতিকে গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে। এই প্ৰসংগত কংগ্ৰেছক তীব্র সমালোচনা কৰি শ্ৰীমোদীয়ে বিৰোধী দলটোৱে ব্যৱসায়ী সম্প্রদায়ক দেশৰ শত্ৰু হিচাপে গণ্য কৰে বু...

May 17, 2024 5:28 PM

views 54

আজি সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ত সাতখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিৰ বাবে ১ জুনত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পাঞ্জাবৰ ১৩খনকৈ, পশ্চিম বংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ তিনিখন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। অহা ৪ জুনত আটাইকেইটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।

May 16, 2024 11:02 AM

views 58

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ২৫ মে'ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পর্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আৰু কাইলৈ উত্তৰ প্ৰদেশত প্ৰচাৰ চলাব। প্রধানমন্ত্ৰীয়ে এই দুদিনত ১১টা লোকসভা সমষ্টি সামৰি ৭ খন নির্বাচনী সভাত ভাষণ দিব। শ্র...

May 13, 2024 10:51 AM

views 52

দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতি উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দিনত বাজেট বৃদ্ধি কৰা বুলি দাবী কৰে। ইয়াৰ পূৰ্বে শ্রীমোদীয়ে বাৰাকপুৰৰ জগতদলত দুখন নির্বাচনী সভাত ভাগ লয়। উত্তৰ প্ৰদেশতো কালি ভিন ভিন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতা আৰু তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রী...

May 11, 2024 8:17 PM

views 45

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ভিতৰত প্ৰায় ৬৬.৮৯ শতাংশ মহিলা, ৬৪.৪১ শতাংশ পুৰুষ আৰু ২৫.০২ শতাংশ তৃতীয় লিংগৰ ভোটাৰ আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি তৃতীয় পৰ্যায়ত অসমত সর্বাধিক ৮৫.৩৪ শতাংশ মহিলা ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই ক্ষেত্ৰত ৮৩.০১ শতাংশ ভোটদানেৰে পশ্চিমবংগ দ্বিতীয় স্থানত থাকে। উত্তৰ প্ৰদেশত আটাইতকৈ কম সংখ্যক মহিলা ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত মহিলা ভোটদাতাৰ ভোটদানৰ হাৰ ৫...

May 11, 2024 5:52 PM

views 57

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ

◊ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত এখন নির্বাচনী সমাবেশত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰ সভাখনত বিৰোধী ...

May 10, 2024 12:10 PM

views 40

লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ তীব্ৰ প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি তেলেংগানাৰ ভোনগিৰ সংসদীয় সমষ্টিত প্ৰচাৰ চলায়। আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি অন্ধ্ৰপ্ৰদেশৰ নৰ্সাপুৰ আৰু তেলেংগানাৰ ছৰুৰনগৰত নিৰ্বাচনী সভাক সম্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কালি প্ৰচা...

May 10, 2024 12:08 PM

views 47

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে প্রার্থিত্ব প্ৰত্যাহাৰৰ সামৰণি, ২৫ মে’ত ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে কালি প্রার্থিত্ব প্ৰত্যাহাৰৰ সামৰণি পৰে। এই পৰ্যায়ত অহা ২৫ মেত ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত দিল্লীৰ ৭খন, হাৰিয়ানাৰ ১০ খন, উত্তৰ প্ৰদেশৰ ১৪খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮খনকৈ, ওড়িশাৰ ৬খন, ঝাড়খণ্ডৰ ৪খন আৰু জম্মু-কাশ্মীৰৰ এখন আসন আছে।