লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ভিতৰত প্ৰায় ৬৬.৮৯ শতাংশ মহিলা, ৬৪.৪১ শতাংশ পুৰুষ আৰু ২৫.০২ শতাংশ তৃতীয় লিংগৰ ভোটাৰ আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি তৃতীয় পৰ্যায়ত অসমত সর্বাধিক ৮৫.৩৪ শতাংশ মহিলা ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই ক্ষেত্ৰত ৮৩.০১ শতাংশ ভোটদানেৰে পশ্চিমবংগ দ্বিতীয় স্থানত থাকে। উত্তৰ প্ৰদেশত আটাইতকৈ কম সংখ্যক মহিলা ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত মহিলা ভোটদাতাৰ ভোটদানৰ হাৰ ৫৬.০১ শতাংশ। তৃতীয় লিংগৰ ক্ষেত্ৰত গোৱাত সৰ্বাধিক ৭৫ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে।
Assamese | May 11, 2024 8:17 PM | Lok Sabha Election | Lok Sabha Elections 2024 | Lok Sabha polls | Lok Sabha seats | Political
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত